অসম

assam

By

Published : Oct 2, 2019, 12:40 PM IST

ETV Bharat / state

আজিও কদৰ্যময় পৰিবেশ নগাঁও চহৰ

নগাঁও চহৰৰ মাজ মজিয়াত দিনে নিশাই পৰি ৰোৱা জাবৰৰ দ'মে সৃষ্টি কৰিছে অসহ্যকৰ পৰিবেশৰ ৷ দৈনিক চাফা কৰাৰ পৰিবৰ্তে কেতিয়াবাহে জাৱৰ সমূহ চাফা কৰাৰ অভিযোগ পৌৰসভাৰ বিৰুদ্ধে ৷

নগাঁ চহৰৰ মাজ মজিয়াত জাবৰৰ দ'ম

নগাঁও , 2 অক্টোবৰঃ বুধবাৰে দেশজুৰি পালন কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী ৷ স্বচ্ছতাৰ সপোন দেখা গান্ধীজীৰ জন্মৰ 150 বছৰৰ পাছতো তথা কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ পাঁচ বছৰৰ পাছতো সম্পূৰ্ণ স্বচ্ছ ন'হল নগাওঁ চহৰ ৷ নগাওঁ পৌৰ সভা এলেকাৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখৰ এখন উদ্যানৰ সমীপতে দিনে ৰাতিয়ে পৰি ৰয় জাবৰৰ দ'ম ৷ স্থানীয় ৰাইজৰ অভিযোগ, জাবৰৰ দ'মে দিনে ৰাতিয়ে অসহ্যকৰ পৰিবেশৰ সৃষ্টি কৰে অঞ্চলটোত ৷ কেৱল সেই অঞ্চলতে নহয়, চহৰ খনৰ কেইবাটাও অঞ্চলত এনে কদৰ্যময় পৰিবেশে ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ দৈনিক চাফা কৰাৰ পৰিবৰ্তে কেতিয়াবাহে জাৱৰ সমূহ চাফা কৰাৰ অভিযোগ পৌৰসভাৰ বিৰুদ্ধে ৷

নগাঁ চহৰৰ মাজ মজিয়াত জাবৰৰ দ'ম

ABOUT THE AUTHOR

...view details