অসম

assam

ETV Bharat / state

প্ৰৱঞ্চক মৃদুপৱনৰ বান্ধৱী অৰ্পিতা কাশ্যপক জেৰা নগাঁও আৰক্ষীৰ

মহা প্ৰৱঞ্চক মৃদুপৱন নেওগক বিচাৰি নগাঁও আৰক্ষীৰ তীব্ৰ অভিযান । মৃদুপৱনৰ ঘনিষ্ঠ বান্ধৱী অৰ্পিতা কাশ্যপক নগাঁও আৰক্ষীৰ জেৰা ।

By

Published : Oct 1, 2021, 9:56 PM IST

মৃদুপৱনৰ বান্ধৱী অৰ্পিতা কাশ্যপক জেৰা নগাঁও আৰক্ষীৰ
মৃদুপৱনৰ বান্ধৱী অৰ্পিতা কাশ্যপক জেৰা নগাঁও আৰক্ষীৰ

নগাঁও, 1 অক্টোবৰ : নিজকে বিয়াগোম বিষয়া হিচাপে চিনাকি দি এতিয়া অসম আৰক্ষীৰ পলাতক আচামী ঘোষিত হোৱা প্ৰৱঞ্চক মৃদুপৱন নেওগৰ সন্ধানত নগাঁও আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান । বিগত কিছুদিন ধৰি চৰ্চালৈ অহা মৃদুপৱনৰ ঘনিষ্ঠ বান্ধৱী অৰ্পিতা কাশ্যপক নগাঁৱলৈ তলৱ কৰি শুকুৰবাৰে জেৰা কৰে নগাঁও আৰক্ষীয়ে ।

মৃদুপৱনৰ বান্ধৱী অৰ্পিতা কাশ্যপক জেৰা নগাঁও আৰক্ষীৰ

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অৰ্পিতাক প্ৰায় এঘন্টা ধৰি জেৰা চলোৱাৰ অন্তত যাবলৈ দিয়ে । অৰ্পিতা কাশ্যপে মৃদুপৱনৰ সৈতে কোনো সম্পৰ্ক নাই মাথো চিনাকিহে বুলি মন্তব্য কৰে । আনহাতে, মৃদুপৱনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মন্তব্য কৰি এই গোচৰটো সন্দৰ্ভত আন কেবাজনো জালত পৰাৰ কথা সদৰী কৰে ।

উল্লেখযোগ্য যে, নগাঁও চহৰৰ নেহা কাৰ বাজাৰ নামৰ এটা প্ৰতিষ্ঠানক এখন বিলাসী ফৰ্চুনাৰ গাড়ী বিক্ৰী কৰাৰ প্ৰলোভন দি প্ৰৱঞ্চনাৰে প্ৰায় ৩১ লাখ টকা সৰকাই নিয়াৰ পাছত মহা প্ৰৱঞ্চক মৃদুপৱন নেওগ সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছিল ।

লগতে পঢ়কঃ পৱন সিং ঘাটোৱাৰৰে মুখ্যমন্ত্ৰীৰ আলাপ; চৰ্চা চলিছে ৰাজনৈতিক মহলত !

ABOUT THE AUTHOR

...view details