নগাঁও, 5 আগষ্ট :চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী ৰাজ্যৰ পাঁচ শতাধিক হাইস্কুল ফিক্সড পে' শিক্ষক । কেৱল প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বঞ্চনাৰ বলি হৈ চিকিৎসাৰ অভাৱত তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে এজনৰ পিচত এজন শিক্ষকে । শেহতীয়াকৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক সংবাদ মেলৰ পাচতেই অধিক উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ পাঁচখন জিলাৰ পাঁচ শতাধিক শিক্ষক ।
বছৰ বছৰ ধৰি চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু বঞ্চনাৰ বলি হৈ আহিছে ৰাজ্যৰ পাঁচ শতাধিক হাইস্কুল ফিক্সড পে’ শিক্ষক । চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী হৈ এতিয়া প্ৰচুৰ অৰ্থৰ অভাৱত পৰিছে এইসকল শিক্ষক ৷ চিকিৎসা অবিহনেই তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে তেওঁলোকৰ একাংশই ।
শেহতীয়াকৈ নগাঁৱৰ আউনি আটি হাইস্কুলৰ ফিক্সড পে’ শিক্ষক দীপক তামুলীয়েও চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে । বিগত কিছুদিনৰ পৰা যকৃতৰ এক ৰোগত আক্ৰান্ত শিক্ষক দীপক তামুলীয়ে অৰ্থৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব নোৱাৰি ২ আগষ্টত ত্যাগ কৰে শেষ নিশ্বাস । এতিয়া দীপক তামুলীৰ পৰিয়াল ভুগিছে তীব্ৰ অৰ্থ সংকটত । কেৱল এইজন দীপক তামুলীয়েই নহয় ইতিমধ্যেই ৰাজ্যৰ হাইস্কুল ফিক্সড পে’ শিক্ষকৰ মুঠ সাতজনকৈ শিক্ষকে তিল তিলকৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে । বহুতৰে পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা এক অৱস্থা ।