অসম

assam

ETV Bharat / state

বটদ্ৰৱাত আঙুৰলতা নহয়, ৰোৱনীৰ ৰূপত কোন ! - বটদ্ৰৱা সমষ্টি

এইবেলি নিৰ্বাচনত আঙুৰলতা ডেকাক পৰাজিত কৰি বটদ্ৰৱা সমষ্টি দখল কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাক (SIBAMONI BORAH) দেখা গ'ল ৰোৱনীৰ ৰূপত ।

mla-sibamoni-borah-as-a-farmer-at-batadrava
বটদ্ৰৱাত আঙুৰলতা নহয়, ৰোৱনীৰ ৰূপত কোন !

By

Published : Jul 22, 2021, 10:30 PM IST

নগাঁও, 22 জুলাই : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক (ANGULATA DEKA) প্ৰায়েই দেখা গৈছিল বিভিন্ন ৰূপত । নাচনী, মাছমৰীয়া কেতিয়াবা ৰোৱনীৰ ৰূপত দেখা গৈছিল আঙুৰলতা ডেকাক । এইবেলি আঙুৰলতা ডেকাক পৰাজিত কৰি বটদ্ৰৱা সমষ্টি দখল কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাকো (SIBAMONI BORAH) দেখা গ'ল ৰোৱনীৰ ৰূপত ।

মেখেলা চাদৰ পৰিধান কৰিয়েই বোকাময় পথাৰত নামিল বিধায়িকা শিৱামণি বৰা । বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ পথাৰত ভূঁই ৰুলে বিধায়িকা বৰাই । উল্লেখযোগ্য যে, বিশ্ববেংকৰ আৰ্থিক সাহায্যত নগাঁও জিলা কৃষি বিভাগে বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিৰ গান্ধীবড়ী পথাৰত পৰীক্ষামূলকভাৱে উন্নত জাতৰ দহবিধ ধানৰ ভূঁই ৰোপণ কৰে । RICE VARIETAL CAFETERIA নামৰ এই প্ৰকল্পটো মুকলি কৰে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই ।

এইবাৰ ৰোৱনীৰ ৰূপত শিৱামণি বৰা

আঁচনি মুকলি কৰিয়েই মেখেলা কোঁচাই পথাৰত নামিল বিধায়িকাগৰাকী । হাতত ভূঁই লৈ প্ৰখৰ ৰ’দত পথাৰৰ পানীত নামি ৰোৱনীৰ ৰূপত দেখা যায় বিধায়িকা শিৱামণি বৰাক । অঞ্চলটোৰ ৰোৱনীসকলৰ লগত একেলগে ভূঁই ৰুই আনন্দ কৰা দেখা যায় বিধায়িকা গৰাকীক ।

বিধায়িকাগৰাকীৰ এই কাৰ্যসূচী ৰূপায়ণ কৰাত সংগ দিয়ে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে ৷ লগতে উপস্থিত থাকে অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু কৃষি কাৰ্য কৰিবলৈ ভূমি আগবঢ়োৱা ব্যক্তিগৰাকী ৷ এতিয়া সময়তহে লক্ষণীয় হ‘ব বিধায়িকা গৰাকীয়ে এনেদৰে কেতিয়ালৈকে ৰাইজৰ কাষত থাকি সদায় ৰাইজৰ সেৱা কৰি যায় ৷

লগতে পঢ়কঃ ৰাজেন গোঁহাইক কেবিনেট আৰু ড৹ ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্রীৰ মৰ্যদা

ABOUT THE AUTHOR

...view details