চামগুৰি, 29 মে': নতুন নতুন নিৰ্দেশনা জাৰি কৰি চৰকাৰ তথা প্ৰশাসনে ৰাজ্যত উদ্বেগজনক ৰূপ লোৱা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ সমান্তৰালভাৱে একাংশ দল-সংগঠন তথা ৰাজনৈতিক নেতাও নামি পৰিছে ক'ভিড বিৰোধী যুদ্ধত ।
গুগল ডাক্টৰৰ পৰিৱৰ্তে প্ৰকৃত ডক্টৰৰ পৰামৰ্শ লওক: বিধায়ক ৰকিবুল হুছেইন অনুৰূপ ধৰণেৰে নগাঁৱৰ বঢ়মপুৰত ক'ভিড সংক্ৰমিত এলেকাত উপস্থিত হয় জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনসহ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু স্থানীয় কংগ্ৰেছী নেতা সুৰেশ বৰা । বঢ়মপুৰৰ ভেৰভেৰিৰ কণ্টেইনমেণ্ট জ'নত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ালে জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে ।
ভেৰভেৰিৰ কণ্টেইনমেণ্ট জ’নৰ বহু কেইটা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে ইমিউনিটি বৃদ্ধিৰ বাবে ঔষধ, মাক্স বিতৰণ কৰে হুছেইনে । লগতে প্ৰতিটো ক'ভিড আক্ৰান্ত পৰিয়ালৰ বুজ লয় হুছেইন সমন্বিতে উপস্থিত হোৱা কংগ্ৰেছৰ নেতা কেইজনে ।
ইফালে ৰাজ্যৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভেকচিনৰ প্ৰকৃত তথ্য ৰাজহুৱা কৰি ৰাইজক হাৰাশাস্তি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাই ৰকিবুল হুছেইনে। তাৎপৰ্যপূৰ্ণভাৱে বিধায়কজনে উপস্থিত সংবাদ মাধ্যমৰ জৰিয়তে 'গুগল ডাক্টৰ'ৰ পৰিৱৰ্তে প্ৰকৃত ডাক্টৰৰ পৰামৰ্শ ল'বলৈহে ৰাইজক সতৰ্ক কৰি দিয়ে ।
লগতে পঢ়ক:পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ