অসম

assam

By

Published : Oct 28, 2019, 9:13 PM IST

ETV Bharat / state

সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ

বটদ্ৰৱাৰ নিজ হাতীচোঙত সোমবাৰে দুটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰি ক্ষীপ্ৰতাৰে কাম আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ চলিত বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান কৰা হ'ব ভৱন দুটা ৷

বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান হ'ব লগা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন


বটদ্ৰৱা , 28 অক্টোবৰঃ বটদ্ৰৱাৰ নিজ হাতীচোঙত সোমবাৰে দুটা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ চলিত বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান কৰিবলগীয়া ১ নং গেডাৰবড়ীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰৰ সমূহীয়া ভৱন আৰু কুৰুৱাবাহী নাট্য মঞ্চৰ মঞ্চগৃহৰ আধাৰশিলা স্থাপন কৰি ক্ষিপ্ৰতাৰে নিৰ্মাণ কাৰ্য শেষ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিধায়িকাগৰাকীয়ে ৷ ১ নং গেডাৰবড়ীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টী বিকাশ কেন্দ্ৰৰ সমূহীয়া ভৱনৰ নিৰ্মাণৰ বাবে ১০ লাখ টকাৰ পুঁজি ধাৰ্য কৰাৰ লগতে কুৰুৱাবাহীৰ নাট্য মঞ্চৰ বাবে ধাৰ্য কৰে ৫ লাখ টকাৰ পুঁজি ৷

বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰে নিৰ্মান হ'ব লগা সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details