অসম

assam

ETV Bharat / state

নগাঁৱত ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল

নগাঁৱত সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল ৷ জিলাখনত গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে জিলাখনৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । আনকি, 60-70 বছৰীয়া বহু জবকাৰ্ড প্ৰাপ্ত বৃদ্ধক অধ্যায়নৰত ছাত্ৰ দেখুৱাই ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে ।

Minority scholarship scam: Two arrested in Nagaon
নগাঁৱত ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল

By

Published : Aug 31, 2020, 7:47 PM IST

নগাঁও, 31 আগষ্ট : সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধনৰ বৃহৎ কেলেংকাৰী সংঘটিত কৰি ইতিমধ্যেই নগাঁৱৰ হাম এক গ্রুপ অফ ইনষ্টিটিউটৰ স্বত্বাধিকাৰী ইনামূল হুছেইন আৰু হাইদৰ আলী আৰক্ষীৰ জালত পৰাৰ পিচতেই পোঁহৰলৈ আহিছে কেলেংকাৰীৰ নতুন তথ্য । নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ নেতৃত্বত গঠন হোৱা অনুসন্ধানকাৰী দলে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত । আনকি, ধৃত ইনামূল আৰু হাইদৰক দহ দিনৰ আৰক্ষীৰ জিম্মাত লৈ চলোৱা হৈছে মাৰাথান জেৰা ।

ইফালে, নগাঁৱৰ বিশেষকৈ ৰূপহীহাট, ধিং, চামগুৰি আদি অঞ্চলৰ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে জিলাখনৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । আনকি, 60-70 বছৰীয়া বহু জব কাৰ্ড প্ৰাপ্ত বৃদ্ধক অধ্যায়নৰত ছাত্ৰ দেখুৱাই ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে ।

নগাঁৱত ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল

আনহাতে, উক্ত কেলেংকাৰীৰ পিচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা CID ৰ তদন্ত আৰু নগাঁও আৰক্ষীয়ে আৰম্ভ কৰা তদন্তৰ পিচতেই এতিয়া হাহাকাৰ লাগিছে বেংকৰ বহু গ্ৰাহক সেৱা কেন্দ্ৰৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মাজত । আনকি, এই বৃহৎ কেলেংকাৰীৰ বহু অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে একাংশ ৰাজনৈতিক নেতাও তৎপৰ হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন আমছু নেতা কমৰুজ জামান সৰকাৰে । এই কেলেংকাৰীৰ সন্দৰ্ভত CID ত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰো প্ৰস্তুতি চলাইছে প্ৰাক্তন আমছু নেতাগৰাকীয়ে ।

নগাঁৱত ছাত্ৰ বৃত্তি কেলেংকাৰীৰ নতুন তথ্য ফাদিল

লগতে পঢ়ক : দুৰ্নীতিৰ অভিযোগত পোত গৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়

ABOUT THE AUTHOR

...view details