কামপুৰ, 12 আগষ্ট:"মোৰ একমাত্ৰ ছোৱালীজনী উদ্ধাৰ কৰক ৷ মোৰ ছোৱালীজনী বহুত সহজ সৰল ৷ মোৰ ছোৱালীক মই এতিয়াও ভাত খুৱাই দিও ৷ মোৰ ছোৱালীক মোক ঘূৰাই লাগে ৷ তাইক টিউশ্যন কৰিবলৈ যাওঁতে ল’ৰা এটাই জোৰ জবৰদস্তি উঠাই লৈ গৈছে ৷ আমি থানাত অপহৰণৰ গোচৰ ৰুজুও কৰিছিলো ৷ আমাক আজিলৈ কেছ নম্বৰো নিদিলে ৷ মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো মোৰ ছোৱালীজনীক ঘূৰাই লাগে ৷" কন্যাক বিচাৰি হিয়া ভগা কান্দোন মাতৃৰ ৷ হয়, কামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড ৷ টিউশ্যন কৰিবলৈ যোৱা দশম শ্ৰেণীৰ কিশোৰী ঘূৰি নাহিল ঘৰলৈ (Minor Girl Kidnapped at Kampur)৷
ঘটনা অনুসৰি যোৱা দেওবাৰে বিয়লি সুস্মিতা দাস নামৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে প্ৰতিদিনৰ দৰেই টিউশ্যনলৈ গৈছিল ৷ তাৰ পিছতেই টিউশ্যন যোৱাৰ পথতে একে গাঁৱৰে অজিত লৌকা নামৰ এজন যুৱকে ৰজাগাঁৱৰ পৰা বলপূৰ্বকভাৱে এখন গাড়ীত উঠাই লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে (Minor Girl missing at Kampur)৷ কিশোৰীগৰাকী সময়মতে ঘৰলৈ নহাত চিন্তিত হৈ পৰে মাতৃ ৷
কিশোৰীগৰাকীৰ মাতৃয়ে এই কথা পিতৃক ফোনযোগে অৱগত কৰি সুস্মিতাক বিচাৰিবলৈ কয় ৷ লগে লগে পত্নীৰ কথা অনুসৰি পিতৃয়ে সুস্মিতাৰ বন্ধু-বান্ধৱীসহ সকলোকে কন্যাৰ কথা সোধে যদিও কোনোৱে একো কব নোৱাৰিলে ৷ উপায়ন্তৰ হৈ নিশা 8 বজাত কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অপহৰণৰ সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷