অসম

assam

ETV Bharat / state

গ্ৰামাঞ্চলৰ উন্নয়ন অবিহনে ৰাজ্যৰ উন্নয়ন সম্ভৱ নহয় : পীযুষ হাজৰিকা

নগাঁৱৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰিকা । বৈঠকত ক'ভিড ১৯ নিয়ন্ত্ৰণ, সমাগত বানৰ সৈতে মোকাবিলা কৰা, মথাউৰি মেৰামতি, আইন শৃংখলা আদি বিষয়ত আলোচনা কৰা হয় ।

By

Published : Jun 3, 2021, 9:23 PM IST

Minister Piyush Hazarika held a meeting with nagaon district administration
গ্ৰামাঞ্চলৰ উন্নয়ন অবিহনে ৰাজ্যৰ উন্নয়ন সম্ভৱ নহয়

নগাঁও, 3 জুন : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসকলক জিলা ভিত্তিত অভিভাৱকৰ দায়িত্ব অৰ্পণ কৰিছে । নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰিকা । বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত জিলাখনৰ বিধায়কসকলৰ লগতে প্ৰশাসনৰ মুৰব্বীৰ সৈতে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।

বৈঠকত ক'ভিড ১৯ নিয়ন্ত্ৰণ, সমাগত বানৰ সৈতে মোকাবিলা কৰা, মথাউৰি মেৰামতি, আইন শৃংখলা আদি বিষয়ত আলোচনা কৰা হয় । লগতে গ্ৰামোন্নয়নৰ কাম কাজৰ ওপৰতো সভাত আলোচনা কৰা হয় বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী হাজৰিকাই । সাংবাদিকৰ আগত মন্ত্ৰী হাজৰিকাই কয়, গ্ৰামাঞ্চলৰ উন্নয়ন সম্ভৱ নহ'লে ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ন নহয় । ৰহাৰ পৰা চাপৰমুখলৈ যোৱা পথত হোৱা গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।

গ্ৰামাঞ্চলৰ উন্নয়ন অবিহনে ৰাজ্যৰ উন্নয়ন সম্ভৱ নহয়

হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভতো মন্তব্য কৰি চৰকাৰে এইক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । সভাত জিলাখনৰ বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰকিবুল হুছেইন, শিবামণি বৰা, অমিনুল ইছলাম, নুৰুল হুদা উপস্থিত থাকে । লগতে জিলা উপায়ুক্ত কবিথা পদ্মনাভন, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত থাকে । ইপিনে বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

লগতে পঢ়ক : কাগজ কল কিনিবলৈ ইচ্ছুক ব্যক্তিক গামোচা পিন্ধাব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details