অসম

assam

By

Published : Aug 15, 2020, 12:34 PM IST

ETV Bharat / state

নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ এটা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰাৰ পাচতেই সেই মন্তব্য সন্দৰ্ভত শনিবাৰে নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচত স্পষ্টীকৰণ দিলে মন্ত্ৰী পিযুষ হাজৰিকাই ৷

মন্ত্ৰী পিযুষ হাজৰিকাৰ
মন্ত্ৰী পিযুষ হাজৰিকাৰ

নগাঁও, 15 আগষ্ট:বৰ্তমান সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমত দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই ৷ শুকুৰবাৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ এটা মন্তব্যই জোকাৰণিৰ সৃষ্টি কৰাৰ পাচতেই সেই মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ দিলে মন্ত্ৰীগৰাকীয়ে ৷ নগাঁৱৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ স্পষ্ট কৰে তেওঁৰ মন্তব্য সন্দৰ্ভত সৃষ্টি হোৱা জোকাৰণি সন্দৰ্ভত ৷

নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকাৰ

তেওঁৰ স্পষ্টীকৰণ অনুসৰি, শুকুৰবাৰে সাংবাদিকে তেওঁক সুধিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবে যোগ্য হয় নে নহয় ? এই প্ৰশ্নৰ উত্তৰত তেওঁ "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোগ্য, কিন্তু সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত দলটোৱে কোনো নতুন চিন্তা কৰা নাই " বুলি উত্তৰ প্ৰদান কৰিছিল বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ সেই কথা তেওঁ নিজে কোৱা নাছিল ৷ সাংবাদিকে সোধা প্ৰশ্নৰহে উত্তৰ দিছিল ৷ কিন্তু অসমৰ ভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে সেই কথাক খিচিৰি কৰি অন্য ৰূপ প্ৰদানৰ কৰাৰ চেষ্টা কৰে বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হ’লে খণ্ড-বিখণ্ড হ’ব অসম : প্ৰদীপ দত্ত ৰয়

ABOUT THE AUTHOR

...view details