অসম

assam

ETV Bharat / state

কোন দিশে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষক সকলৰ ভৱিষ্যত? - Mikir grant's farmers protest continue

ভূমি অধিকাৰ বিচাৰি মিকিৰ বামুণী গ্ৰাণ্টত অব্যাহত আছে খিলঞ্জীয়া কৃষকৰ প্ৰতিবাদ ৷ ভূমিহীন কৃষক সকলক ভূমি পট্টা দিয়াৰ নামত চৰকাৰৰ চমক সৃষ্টি কৰাৰ সময়তে ভূমি অধিকাৰ বিচাৰি এইবাৰ অবিৰত বিক্ষোভ কাৰ্যসূচী হাতত লৈছে বামুণী গ্ৰান্টৰ কৃষকে ৷

mikir-grants-farmers-protest-continue-seeking-their-land-back
কোন দিশে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষক সকলৰ ভৱিষ্যত?

By

Published : Jan 30, 2021, 9:14 PM IST

নগাঁও,30 জানুৱাৰী: ভূমিহীন কৃষক সকলক ভূমি পট্টা দিয়াৰ নামত চৰকাৰৰ চমক সৃষ্টি কৰাৰ সময়তে ভূমি অধিকাৰ বিচাৰি মিকিৰ বামুণী গ্ৰাণ্টত অব্যাহত আছে খিলঞ্জীয়া কৃষকৰ প্ৰতিবাদ ৷ কৃষকৰ ভূমিত বৰ্তমানেও চলি আছে সৌৰ শক্তি প্ৰকল্পৰ কাম ৷ যাৰ বাবে প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত এইবাৰ অবিৰত বিক্ষোভ কাৰ্যসূচী হাতত লৈছে বামুণী গ্ৰান্টৰ কৃষকে ৷ উল্লেখ্য যে, মিকিৰ বামুণী গ্ৰাণ্টৰ তিনিশ বিঘা কৃষি ভূমিৰ পৰা খিলঞ্জীয়া কৃষকক উচ্ছেদ কৰি আজুৰ নামৰ এটা কোম্পানীক গতাই দিছে চৰকাৰে । উক্ত স্থানত ব্যক্তিগত কোম্পানীটোৱে ইতিমধ্যেই আৰম্ভ কৰিছে সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ কাম ৷ প্ৰকল্পটোৰ নিৰ্মাণ বন্ধ কৰাৰ লগতে কৃষকৰ ভূমি কৃষকক উভতাই দিয়াৰ দাবীত বিভিন্ন দল সংগঠনৰ সহযোগত কৃষকে প্ৰতিবাদ অব্যাহত ৰখাৰ পিছতো কোম্পানীটোৱে পূৰ্ণ গতিত চলাই আছে নিৰ্মাণ কাৰ্য । যাক লৈ এতিয়া অধিক ক্ষোভিত হৈ পৰিছে স্থানীয় কৃষকসকল ৷

কোন দিশে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষক সকলৰ ভৱিষ্যত?

বহু প্ৰতিবাদৰ পাছতো চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনোধৰণৰ সঁহাৰি নাপাই গণৰাজ্য দিৱসৰ দিনটোৰ পৰাই অঞ্চলটোৰ কৃষক আৰু লগতে মহিলাসকলে ৰূপায়ন কৰিছে অবিৰত বিক্ষোভ কাৰ্য্যসূচী ৷ কিন্তু প্ৰতিবাদৰ চাৰিটা দিন উকলি যোৱাৰ পাছতো প্ৰতিবাদী কৃষকসকলৰ সৈতে আলোচনা কৰিবলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই । খিলঞ্জীয়া লোকক ভূমি পট্টা দিয়াৰ নামত নিৰ্বাচনৰ প্ৰকমহুৰ্তত চৰকাৰে ব্যাপক প্ৰচাৰ চলোৱাৰ সময়তেই ভূমি অধিকাৰ বিচাৰি মিকিৰ বামুণীৰ কৃষকে আৰম্ভ কৰিছে অবিৰত বিক্ষোভ কাৰ্য্যসূচী ৷ ব্যক্তিগত কোম্পানীক উচ্ছেদ কৰি কৃষকক ভূমি উভতাই নিদিয়া পৰ্য্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৃষকসকলৰ ৷

লগতে পঢ়কঃলাইকা-দধীয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details