অসম

assam

By

Published : Jun 27, 2020, 2:28 AM IST

Updated : Jun 27, 2020, 7:50 AM IST

ETV Bharat / state

কইনা ঘৰ পানীৰ তলত, নাও লৈ ওলালগৈ দৰা

নগাঁৱটো ব্ৰহ্মপুত্ৰৰ পানীৰ কবলত পৰিছে প্ৰায় বহু কেইটা অঞ্চল ৷ বানপীড়িত ৰাইজৰ কাষত প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ৷

বানত বিয়া, টুলুঙা নাৱত বৰযাত্ৰী
বানত বিয়া, টুলুঙা নাৱত বৰযাত্ৰী

নগাঁও, 27 জুনঃ বানপানীৰ মাজতেই পাতিব লগীয়া হ'ল বিয়া ৷ দৰা নিৰুপায়,কইনা আনিবলৈ যাব কেনেকৈ ! অৱশেষত নাও লৈ কইনা লৈ আহিল দৰাই ৷ নগাঁৱৰ লাওখোৱাৰ চাৰি নং ভগামুখৰ ঘটনা এইয়া ৷ পূৰ্বেই ঠিক হৈ আছিল যুৱকজনৰ বিয়াৰ দিন,সেই অনুসৰি শুকুৰবাৰে বিয়া ৷

কিন্তু মুষলধাৰ বৰষুণৰ ফলত অঞ্চলটোত বানে সৃষ্টি কৰিলে ভয়ংকৰ পৰিস্থিতিৰ । বাট পথ ডুব গ'ল বাঢ়নী পানীত । যাতায়তৰ একমাত্ৰ ব্যৱস্থা টুলুঙা নাও। কইনাৰ ঘৰৰ পৰা দৰাৰ ঘৰ প্ৰায় দুই তিনিকিলোমিটাৰ নিলগত । উপায়হীন হৈ টুলুঙা নাৱেৰেই গ'ল বৰযাত্ৰী ।

বানত বিয়া, টুলুঙা নাৱত বৰযাত্ৰী

বান পানীৰ বাবে এই অঞ্চলত এতিয়া একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতি। স্থানীয় ৰাইজে নিজৰ ঘৰ-দুৱাৰ এৰি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ। আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে চামগুৰি লাওখোৱাৰ ১নম্বৰ ভুৰবন্ধাতো এতিয়া হুৰাহুৰে সোমাইছে পানী । জলমগ্ন হৈ পৰিছে ১ নম্বৰ ভুৰবন্ধাৰ অধিকাংশ স্থান ।

ব্ৰহ্মপুত্ৰৰ পানীৰ কবলত পৰিছে প্ৰায় বহু সংখ্যক পৰিয়াল। পুৱাৰে পৰা দিয়া মুষলধাৰ বৰষুণেও চিন্তা বঢ়াইছে অঞ্চলবাসীৰ। উল্লেখ্য যে বৰ্তমান পৰ্যন্ত বানপীড়িত ৰাইজৰ কাষত প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়কঃ চোকাজানী নৈৰ বানে বুৰাইছে দলগাঁও সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল

Last Updated : Jun 27, 2020, 7:50 AM IST

ABOUT THE AUTHOR

...view details