অসম

assam

ETV Bharat / state

ৰাসোৎসৱত গোপীৰ বেশত হালি-জালি নাছিলে পুৰুষে ! - নগাঁও

নগাঁৱৰ কুঁজীডাহত ব্যতিক্ৰমী ৰাস মহোৎসৱৰ আয়োজন ৷ মহিলাৰ বিপৰীতে গোপী, শংখচূড় আদিৰ ভাও লৈছে যুৱক তথা বৃদ্ধসকল ৷ ক’ভিড প্ৰট’কল মানি আৰু পিপিই কিট পৰিধান কৰি 95 বছৰীয়া কুঁজীডাহৰ এই ঐতিহ্যমণ্ডিত ৰাসোৎসৱত পুৰুষে প্ৰদৰ্শন কৰে ৰাস নৃত্য ।

male raas mahotsav
পুৰুষৰ ৰাসোৎসৱ

By

Published : Nov 30, 2020, 1:06 PM IST

Updated : Nov 30, 2020, 4:18 PM IST

নগাঁও,30 নৱেম্বৰ : নগাঁৱৰ কুঁজীডাহত দেওবাৰে উদযাপন কৰা হয় এক ব্যতিক্ৰমী ৰাস মহোৎসৱ ৷ শিশুৰ পৰা আৰম্ভ কৰি 70 বছৰীয়া বৃদ্ধলৈকে অংশগ্ৰহণ কৰে ৰাস নৃত্যত । ক’ভিড প্ৰট’কল মানি আৰু পিপিই কিট পৰিধান কৰি 95 বছৰীয়া কুঁজীডাহৰ এই ঐতিহ্যমণ্ডিত ৰাসোৎসৱত প্ৰদৰ্শন কৰিলে ৰাস নৃত্য ।

পুৰুষৰ ৰাসোৎসৱ

এই ৰাসথলীত যুৱতী তথা মহিলাৰ বিপৰীতে গোপী, শংখচূড় আদি সকলো ভাওতেই দেখা গ’ল যুৱক আৰু বৃদ্ধসকলক । কিশোৰকালৰ পৰাই কুঁজীডাহৰ এই ৰাস মহোৎসৱত নৃত্য কৰি বৃদ্ধ হ’ল বহুকেইজন লোক । 10-12 বছৰৰ পৰাই এই ৰাস মহোৎসৱত নৃত্য কৰি অহা বহু বৃদ্ধই আজিও খোল-তালৰ চেৱে-চেৱে নৃত্য প্ৰদৰ্শন কৰে । এইবেলি ৰাস মহোৎসৱত অংশগ্ৰহণ কৰা কেইবাগৰাকী গোপীয়ে বিগত 7 দশক ধৰি একেটা ৰাস উৎসৱতেই কৰি আহিছে ৰাস নৃত্য ৷

উল্লেখ্য যে, 1926 চনত গঁজালি গোহাঁই নামৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল কুঁজীডাহৰ এই ৰাস মহোৎসৱ । আৰম্ভণিৰ পৰাই কুঁজীডাহৰ এই ৰাস মহোৎসৱত মহিলাৰ ৰাসো অনুষ্ঠিত হৈ আহিছে । আগন্তুক 2026 চনত জাক-জমকতাৰে এই ৰাস মহোৎসৱৰ শতবর্ষ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ৰাস সমিতিয়ে ।

লগতে পঢ়ক :পাটাছাৰকুছিত ৰাস মহোৎসৱ উদ্বোধন কৰিলে ৰণজিৎ দাস

Last Updated : Nov 30, 2020, 4:18 PM IST

ABOUT THE AUTHOR

...view details