নগাঁও, 31 মে’:নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যকালত নগাঁৱৰ একাংশ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল দুৰ্নীতিৰ অভিযোগ । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই চৰ্চালৈ আহিছিল নগাঁৱৰ একাংশ আৰক্ষী বিষয়াৰ নেক্সাছ । পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেৰ বদলিৰ পিচত নতুনকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব লোৱা নৱনীত মহন্তই নগাঁৱক অপৰাধ মুক্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ (SP Nabaneet Mahanta) ।
ইয়াৰ মাজতে নগাঁৱৰ আৰক্ষীত পুনৰ কৰা হৈছে ৰদ-বদল । এক নিৰ্দেশযোগে এইবাৰ নগাঁৱৰ আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া পৰ্যায়ত কৰা হৈছে এই বদলি । উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি জখলাবন্ধাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাক কামপুৰ লৈ বদলি কৰা হৈছে । একেদৰে উলুৱনীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত গগৈক খাটোৱাল আৰক্ষী থানালৈ বদলি কৰা হৈছে । ধিং আৰক্ষী থানাৰ OC ৰাজা ইৰ্শ্বাদক কচুৱা থানালৈ বদলি কৰা হৈছে ।
চামগুৰিৰ অ’ চি অদিথ বড়োক ধিং থানালৈ বদলি কৰা হৈছে । একেদৰে বাগৰিৰ IC অজিত সোণোৱালক ইটাচালিলৈ আৰু জাজৰিৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰজ্যোতি বৰাক উলুৱনী থানালৈ বদলি কৰা হৈছে । জুৰিয়াৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাঁচনিক জখলাবন্ধা থানালৈ বদলি কৰাৰ বিপৰীতে ননৈৰ আই চি বিভূতি থাপাক মৰিকলঙলৈ বদলি কৰা হৈছে ।