অসম

assam

ETV Bharat / state

ধিঙত লক ডাউনৰ বাবে স্তব্ধ 108 এম্বুলেঞ্চ সেৱা - লক ডাউন

ধিঙত উন্মোচিত হৈছে স্বাস্থ্য় বিভাগৰ নগ্ন স্বৰূপ ৷ মৃত্যুঞ্জয় 108 এম্বুলেঞ্চ সেৱাৰ অভাৱৰ বাবে ৰোগীক ঠেলাৰে চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ ৷ লক ডাউনৰ বাবে অঞ্চলটোত বন্ধ অত্যাৱশ্যকীয় এম্বুলেঞ্চ সেৱা ৷ স্বাস্থ্য মন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান ৷

Crisis of 108 ambulance
স্তব্ধ 108 এম্বুলেঞ্চ সেৱা

By

Published : Apr 14, 2020, 10:43 AM IST

বটদ্ৰৱা,14 এপ্ৰিলঃ লক ডাউনৰ বাবে সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত সমস্যা সৃষ্টি হৈছে ৰাজ্যত ৷ বিশেষকৈ স্বাস্থ্য খণ্ডত সৃষ্টি হৈছে চৰম প্ৰত্যাহ্বান ৷ বৃহত্তৰ ধিং অঞ্চলতো একে সমস্যাৰ উদ্ভৱ হৈছে ৷ অঞ্চলটোৰ ৰাইজৰ একমাত্র ভৰসা এতিয়া মৃত্যুঞ্জয় 108 এম্বুলেঞ্চ সেৱা ৷ লক ডাউনৰ বাবে ৰাজ্যত অত্যাৱশ্য়কীয় তথা জৰুৰীকালীন সেৱাসমূহ অপৰিৱৰ্তিত থকাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷ বিপৰীতে নগাঁৱৰ ধিঙত দেখিবলৈ পোৱা যায় এক বিপৰীত ছবি । জৰুৰীকালীন সেৱাত নিয়োজিত মৃত্যুঞ্জয় 108 এম্বুলেঞ্চৰ পৰিৱৰ্তে ঠেলাৰে চিকিৎসালয়লৈ নিবলগা হয় এগৰাকী ৰোগীক ।

ঘটনাৰ বিৱৰণী অনুসৰি, বটদ্ৰৱাৰ কদমণি গাঁৱৰ এগৰাকী ব্যক্তি গছৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় । পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত 108 এম্বুলেঞ্চক বাৰম্বাৰ ফোন কৰি লাভ নকৰিলে কোনো সুদুত্তৰ ৷ উপায়বিহীন পৰিয়ালটোৱে ঠেলাৰ সহায়ত প্ৰায় 7 কিল’মিটাৰ পথ অতিক্রম কৰি উপস্থিত হয় ধিঙৰ গ্ৰাম্য চিকিৎসালয়ত ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি 108 এম্বুলেঞ্চ সেৱাৰ এনে কাৰ্য এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ।

স্তব্ধ 108 এম্বুলেঞ্চ সেৱা

যি সময়ত কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা বিশেষ তৎপৰতাৰ বাবে অসমবাসীৰ ভূয়সী বুটলিবলৈ সক্ষম হৈছে, সেই সময়ত মৃত্যুঞ্জয় 108 সেৱাৰ দায়িত্বজ্ঞানহীন কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ধিঙত । স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক এই সেৱা নিয়মীয়া ৰূপত কাৰ্যকৰী কৰিবলৈ বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলৰ লগতে স্থানীয় ৰাইজে অনুৰোধ জনাইছে ।

লগতে চাওকঃমুখ‍্যমন্ত্ৰীৰ আহ্বানক সহাঁৰি জনাই চাকি জ্বলাবলৈ আহ্বান বিধায়ক ৰণজিৎ দাসৰ

ABOUT THE AUTHOR

...view details