নগাঁও, ২৮ ফেব্ৰুৱাৰী :নগাঁৱত বিশিষ্ট শিল্পী মৃদুলা বৰুৱা, মৃদুল ভূঞা আৰু গণশিল্পী সূৰ্য দাসক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা । অসমৰ সংস্কৃতিৰ ক্ষেত্ৰলৈ অনবদ্য অৱদানৰ বাবে বৰেণ্য শিল্পী কেইগৰাকীক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা । অসম শিল্পী কানন আৰু শিল্পী প্ৰাণ ৰাইজৰ সহযোগত অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই তিনিগৰাকীকৈ শিল্পীক প্ৰয়াত বিজু ফুকন, ৰত্ন ওজা, আব্দুল মজিদ, ৰতন লহকৰ আৰু গুণ মহন্তৰ সোঁৱৰণত জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় ।
শিল্পী মৃদুলা বৰুৱা, মৃদুল ভূঞা আৰু সূৰ্য দাসলৈ জীৱনজোৰা সাধনা বঁটা - অসমৰ চলচিত্ৰ জগত
অসম শিল্পী কানন আৰু শিল্পী প্ৰাণ ৰাইজৰ সহযোগত অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই তিনিগৰাকীকৈ শিল্পীক প্ৰয়াত বিজু ফুকন, ৰত্ন ওজা, আব্দুল মজিদ, ৰতন লহকৰ আৰু গুণ মহন্ত সোঁৱৰণত জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয় ।
গণশিল্পী সূৰ্য দাস, অসমৰ চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞাক দেওবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই জীৱনজোৰা সাধনা বঁটা । উল্লেখ্য যে, খগেন মহন্ত প্ৰেক্ষাগৃহত ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল সদৌ অসম একাংক নাট প্ৰতিযোগিতা আৰু সেই অনুষ্ঠানতে আজি তিনিওগৰাকী শিল্পীক আগবঢ়োৱা হয় এই সন্মান । ইয়াৰ পূৰ্বে তিনিগৰাকী শিল্পীক নগাঁৱৰ হয়বৰগাঁৱৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰাৰে প্ৰেক্ষাগৃহলৈ আদৰি আনে উদ্যোক্তাসকলে ৷
লগতে পঢ়ক :মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ক'লে, বিজেপি এইবাৰ ডুবিব !