নগাঁও, 16 মাৰ্চ :‘‘মাটি নাথাকিলে জাতি নাথাকে । অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে অসমত ।’’ এই অভিযোগ বাওঁদল সমূহৰ । গুৱাহাটী মহানগৰীৰ মূল্যৱান ভূমি পুঁজিপতি কোম্পানীক দিয়াৰ বিৰোধিতা কৰি বুধবাৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চি এম, চি পি আই এল, নিখিল ভাৰত কৃষক সভাকে ধৰি বাওঁদলসমূহে (Left parties protest in Nagaon)। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বাওঁ দলসমূহৰ নেতৃবৃন্দ (Left parties against government)।
অসমতে বহু খিলঞ্জীয়া এতিয়াও ভূমিহীন হৈ আছে বুলি উল্লেখ কৰি ভূমিহীন খিলঞ্জীয়াক মাটি দিয়াৰ বিপৰীতে পুঁজিপতি কোম্পানীক চৰকাৰে মূল্যৱান মাটি দিয়াৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল বৰাই । লগতে কেইবাবছৰ ধৰি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল পুনৰজীৱিত কৰাৰো দাবী উত্থাপন কৰে বাওঁ দলসমূহে ।