অসম

assam

ETV Bharat / state

জলমগ্ন লাওখোৱা অভয়াৰণ্য - পহৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে

জলমগ্ন হৈ পৰিছে লাওখোৱা অভয়াৰণ্য। খাদ্য সংকটত পৰিছে বন্যপ্ৰাণী, আশ্ৰয় স্থল বিচাৰি হাহাকাৰ জীৱকুলৰ ।

laokhuwa-sanctuary-flood
জলমগ্ন লাওখোৱা অভয়াৰণ্য

By

Published : Jul 14, 2020, 10:32 AM IST

নগাঁওঃব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সম্পূৰ্ণ প্লাৱিত হৈছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য। অভয়াৰণ্যখনৰ প্ৰায় এশ শতাংশই জলমগ্ন হৈ পৰাত নিৰাপদ আশ্রয় স্থল বিছাৰি হাহাকাৰ কৰিবলগীয়া হোৱাৰ লগতে তীব্ৰ খাদ্য সংকটত পৰিছে অভয়াৰণ্যখনৰ বন্যপ্ৰাণী সমূহ ।

জলমগ্ন লাওখোৱা অভয়াৰণ্য

অভয়াৰণ্য খনৰ জীৱ জন্তুৰ সুৰক্ষাৰ বাবে দিনে নিশাই পহৰাৰ ব্যৱস্থা কৰিছে বন বিভাগে । ইপিনে বানৰ সময়ত প্ৰায়েই সক্ৰিয় হৈ থকা চোৰাং চিকাৰীয়ে যাতে কোনো বন্যপ্ৰাণী নিধন কৰিব নোৱাৰে তাৰ বাবেও সষ্টম হৈ আছে বনকৰ্মীৰ দল।

লগতে পঢ়কঃ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আৰোগ্যৰ সংখ্যা

ABOUT THE AUTHOR

...view details