চামগুৰি, 18 অক্টোবৰ:"আজি তিনিবছৰৰ পূৰ্বেই মাগুৰমাৰীৰ জহিৰুল ইছলামে মাটিৰ নামজাৰিৰ নামত মোৰ পৰা 1.70 লাখ টকা লৈ গৈছিল ৷ তাৰ পিছতেই জহিৰুলৰ পত্নীৰ বেমাৰ হোৱাত পুনৰ ধাৰ হিচাবে 1.12 লাখ টকা লৈ যায় ৷ তেওঁ এতিয়া মাটিৰ নামজাৰিৰো কাম কৰি দিয়া নাই আনহাতে ধাৰ লোৱা ধনখিনিও মোক ঘুৰাই দিয়া নাই ৷ যোৱা তিনিবছৰ ধৰি ধন বিচাৰি ফোন কৰিলেই মোক প্ৰাণে মৰাৰ ধমকি দিয়ে ৷" ভুক্তভোগীৰ অসহায় স্বীকাৰোক্তি ৷
মাটি নামজাৰি কৰাৰ বাবদ একাংশ চৰকাৰী কৰ্মচাৰীৰ দালালৰাজ ৰাজ্যজুৰি একাংশ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতো গা লৰা নাই একাংশ মধ্যভোগী দালালৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই এতিয়াও সাধাৰণ জনতাৰ পৰা টকা সৰকাই আছে দালালী একাংশই (Land registration scam at Samoguri)৷
এইবাৰ চামগুৰিত নিজৰ পৰিচয় সলনি কৰি দালালগিৰি কৰা এক ঘটনা পোহৰলৈ আহিছে ৷ এইজন হৈছে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৷ নাম জহিৰুল ইছলাম ৷ এইগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মাটি নামজাৰি কৰাৰ বাবদ জহিৰুলে লাখ লাখ টকা সৰকাইছে ৷
এইজন স্বয়ম্ভু দালালে চামগুৰিৰ শিৱস্থান গাঁৱৰ শ্বাহজাহান আলী নামৰ এজন লোকৰ পৰা মাটি নামজাৰি কৰি দিয়াৰ বাবদ সৰকালে লক্ষাধিক টকা । স্বয়ম্ভু দালাল ৰূপী এই গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জহিৰুল ইছলামে চামগুৰিৰ শিৱস্থান গাঁৱৰ শ্বাহজাহান আলী নামৰ এজন লোকৰ পৰা তিনি বছৰ পূৰ্বে মাটিৰ নামজাৰি কৰিবৰ বাবে বিভিন্ন চৰকাৰী বিষয়াক দিব লাগিব বুলি প্ৰায় ২লাখ ৮২ হাজাৰ টকা খুজি লৈ যায় ৷
কিন্তু আজি পৰ্যন্ত এইজন শ্বাহজাহান আলীৰ নামত নহ'ল মাটি নামজাৰিৰ কাম ।এইগৰাকী ভুক্তভোগী শ্বাহজাহান আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে তিনিটা বছৰে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত তাত-বাটি কৰি থকাৰ পাছতো লগ নাপায় দালাল জহিৰুল ইছলামক ৷ আনহাতে দালাল জহিৰুলে ভুক্তভোগীক ইমানদিনে বিভিন্ন কামৰ অজুহাত দেখুৱাই কামসমূহ সম্পন্ন নকৰে ৷
প্ৰদান কৰা ধন বিচাৰিলেই দালালৰূপী জহিৰুলে ভুক্তভোগীক দিয়ে প্ৰাণে মৰাৰ ভাবুকি ৷ উপায়হীন হৈ শ্বাহজাহান আলীয়ে মঙলবাৰে ৰূপহীৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই গৰাকী স্বয়ম্ভূ দালাল জহিৰুল ইছলামে কাৰ আৰ্শীবাদ আৰু ছত্ৰছায়াত চলাই আহিছে মাটি নামজাৰিৰ নামত দালালৰাজ ? এইজন দালালৰ পৰা কোন কোন চৰকাৰী বিষয়াৰ পকেটলৈ গৈছে ২ লাখ ৮২ হাজাৰ টকা ৷ কিয় বিগত দুটা বছৰে সম্পন্ন নহ'ল মাটি নামজাৰিৰ কাম ?
লগতে পঢ়ক:Assam direct recruitment result 2022 : চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা