অসম

assam

ETV Bharat / state

গভীৰ সংকটত কলিয়াবৰৰ তিনিখন বিদ্যালয় - EDUCATION

শিক্ষকৰ অভাৱে অশনি সংকেত কঢ়িয়াইছে কলিয়াবৰৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ । কোনোখনত যদি নাই বিষয় শিক্ষক, আনখনত কোনোখনত বে'ল বজাবলৈও নাই স্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৷

গভীৰ সংকটত কলিয়াবৰৰ তিনিখন বিদ্যালয়

By

Published : May 17, 2019, 1:35 AM IST

কলিয়াবৰ,16মে': চৰকাৰী অদূৰদৰ্শিতাৰ বাবেই এসময়ৰ উন্নত ফলাফলৰে ৰাইজৰ দৃষ্টি আকৰ্শন কৰিবলৈ সক্ষম হোৱা কলিয়াবৰৰ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া গভীৰ সংকটত ৷ কলিয়াবৰৰ বিজ্ঞান শাখাৰ একমাত্ৰ বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক ৷ কন্যা শিক্ষাৰ প্ৰথম শিক্ষানুষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়তো নাই বিষয় শিক্ষক ৷ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন্ধ হ'ল বাণিজ্য শাখা ৷ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাটো অতি পৰিতাপৰ বিষয় বুলি মন্তব্য কৰিছে বিদ্যালয়কেইখনৰ শিক্ষকসকলে ৷ ইপিনে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বন্তি বৰুৱাই জনোৱা অনুসৰি শিক্ষকৰ অভাৱতেই অচল হৈ পৰিছে বিদ্যালয়খনৰ বাণিজ্য বিভাগটো ৷ লগতে কলা শাখাটো কেইবাজনো শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয় খনত এতিয়া ছাত্ৰ-ছাত্ৰী সংখ্যা দিনক-দিনে হ্ৰাস পাবলৈ ধৰিছে । অনুৰূপ অৱস্থা ১৯৩৩ চনতে শিলঘাটত বৃটিছে স্থাপন কৰা কলিয়াবৰ হাইস্কুলৰ । উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ নজন শিক্ষকৰ ঠাইত পাঁচজন শিক্ষকৰেই পাঠদান চলাবলগীয়া হৈছে বিদ্যালয়খনত । এতিয়া এনেদৰেই চলিছ ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ৷ শিক্ষা সংস্কাৰৰ কথা কোৱা শিক্ষামন্ত্ৰীয়ে গুৰুত্ব দিবনে?

গভীৰ সংকটত কলিয়াবৰৰ তিনিখন বিদ্যালয়

ABOUT THE AUTHOR

...view details