কলিয়াবৰ, 20 জুলাই:কাজিৰঙাৰ জলমগ্ন পৰিৱেশৰ ফলতকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টো এতিয়াও আশ্ৰয় লৈ আছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৷ কিন্তু ক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা-ভাগৰুৱা গঁড়টো । অৱশ্যে এতিয়াও সেই স্থান ত্যাগ কৰা নাই ৰাষ্ট্ৰীয় উদ্যানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থান লোৱা গঁড়টোৱে ।
আনহাতে পুৱাৰে পৰা উদ্যান কৰ্তৃপক্ষই যোগান ধৰা ঘাঁহ গ্ৰহণ কৰিয়ে সময় অতিবাহিত কৰিছে গঁড়টোৱে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবিত অৱস্থান লৈ থকা গঁড়টোক কৰ্তৃপক্ষই ঘাঁহৰ লগতে ঔষধৰো যোগান ধৰি আছে । লগতে বিশিষ্ট পশু চিকিৎসক পদ্মশ্ৰী কুশল কুমাৰ শৰ্মাৰ নেতৃত্বত অহা চিকিৎসকৰ দলটোৰ পৰামৰ্শ মতে বন কৰ্মীয়ে গড়টোৰ চকুৰো নিয়মিত চিকিৎসা চলাই আছে ৷