অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নতুন আঁচনি - বহনক্ষম পৰিৱেশতন্ত্ৰ আৰু সামূহিক সৱলীকৰণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত মীন পালনৰ লগতে জৈৱকৃষি আৰু ফুলৰ খেতিৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনলৈ কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিছে প্ৰায় ২৪ কোটি, ৫৬ লাখ টকা ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে দেওবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍্যালয়ৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা আমগুৰি চৰকাৰী প্ৰাথমিক বিদ‍্যালয়ত মীন পালনৰ বাবে মাছৰ পোনা বিতৰণ কৰা হয় ৷

Kaziranga National Park Eco Development Management new project
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নতুন আঁচনি

By

Published : Sep 13, 2020, 7:14 PM IST

নগাঁও, 13 ছেপ্তেম্বৰঃবহনক্ষম পৰিৱেশতন্ত্ৰ আৰু সামূহিক সৱলীকৰণৰ লক্ষ‍্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ অভিলাসী আঁচনি ৷ উপাৰ্জনমুখী জৈৱিক কৃষি আৰু মীন পালনৰ বাবে উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰিছে মাছৰ পোনা বিতৰণ কাৰ্যসূচী ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত মীন পালনৰ লগতে জৈৱকৃষি আৰু ফুলৰ খেতিৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনলৈ কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিছে প্ৰায় ২৪ কোটি, ৫৬ লাখ টকা ৷ দেওবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍্যালয়ৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা আমগুৰি চৰকাৰী প্ৰাথমিক বিদ‍্যালয়ত মীন পালনৰ বাবে মাছৰ পোনা বিতৰণ কৰা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ, বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈ, সহকাৰী বনপালকসহ শীৰ্ষ বিষয়াবৰ্গৰ লগতে আমগুৰি পৰিস্থিতিতন্ত্ৰ উন্নয়ন সমিতিৰ ৫৪ গৰাকী হিতাধিকাৰী উপস্থিত থকা এই অনুষ্ঠানত উদ‍্যানৰ দাঁতিকাষৰীয়া পৰিৱেশতন্ত্ৰ উন্নয়ন সমিতিক মুঠ 27 লক্ষ টকাৰ মাছৰ পোনা বিতৰণ কৰা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা মাছৰ পোনা বিতৰণ

উল্লেখ্য যে, বিগত 22 জুনতে পৰিস্থিতি তন্ত্ৰৰ উন্নয়নৰ কাৰ্য‍্যসূচীৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানতে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰিস্থিতি তন্ত্ৰ উন্নয়নৰ বাবে লোৱা আঁচনিৰ সফল ৰূপায়ণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতিকাষৰীয়া ৰাইজক আহ্বান জনাইছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিস্থিতি তন্ত্ৰ ব‍্যৱস্থাপনা প্ৰকল্পৰ অধীনত সাতখন গাৱঁৰ পৰিস্থিতি তন্ত্ৰ উন্নয়ন সমিতিলৈ মুঠ 65 লাখ টকাৰ পূঁজি বিতৰণ কৰা হয় । ইয়াৰে আমগুৰি চাং,ডিফলু পথাৰ,কুঠৰী বাঘমাৰী,গঁড়পাল,তেৱাৰীপাল,ফুলগুৰীক দহ লাখ আৰু আমগুৰী বাগানক পাঁচ লাখ টকাকৈ এই পূঁজি আগবঢ়োৱা হৈছিল ।

লগতে পঢ়ক-আছুৰ পৰা আনুষ্ঠানিকভাবে বিদায় ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ

ABOUT THE AUTHOR

...view details