বঢ়মপুৰ, 26 মে':কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে বানৰ বিভীষিকা ৷ ইতিমধ্যে বানত বুৰ গৈছে ৰাজ্যৰ বহু কেইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে কপিলী নৈ ৷ কামপুৰ মাধৱপাৰাত বৰপানী নৈৰ বাঢ়নী পানীয়ে দুটাকৈ মথাউৰি ভাঙি হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ ভূমি বুৰাই পেলোৱাৰ পাছত এইবাৰ কপিলী নৈয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠ ৷ যাৰ বাবে কামপুৰ নগৰৰ ভলভলীয়া গাঁও আৰু বাৰেগোগা মথাউৰিলৈ আহিছে চৰম ভাবুকি ৷
ফেনে-ফুটুকাৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠঃ আতংকিত কামপুৰবাসী - Kapili river has brought threat to some areas of Kampur
নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে কপিলী নৈ ৷ কামপুৰ মাধৱপাৰাত বৰপানী নৈৰ বাঢ়নী পানীয়ে দুটাকৈ মথাউৰি ভাঙি হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ ভূমি বুৰাই পেলোৱাৰ পাছত এইবাৰ কপিলী নৈয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷
ফেনেফুটুকাৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠ
উল্লেখ্য যে, বিগত বছৰতো কপিলী নদীয়ে ভাঙি নিছিল দুটাকৈ মথাউৰি ৷ বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও কিছু মাটি পেলায়েই দ্বায়িত্ব সামৰে জলসম্পদ বিভাগে ৷ যাৰ বাবে এতিয়া বানৰ শংকাত ভুগিছে অঞ্চলবাসী ৰাইজে ৷ লগতে এই নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ বাবে চৰকাৰে শীঘ্ৰে ব্যৱস্থা ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
লগতে পঢ়কঃবঙাইগাঁৱৰ মানিকপুৰত বানৰ তাণ্ডৱ : ৰাইজৰ মাজত হাহাকাৰ