বঢ়মপুৰ,১১ মাৰ্চ: চৰকাৰৰ পৰা বছৰ বছৰ ধৰি অৱহেলিত হোৱাত ক্ষোভিত হৈ পৰিছে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ পশ্চিম নামবৰ লালুংগাঁও পঞ্চায়তৰ (৫নং ৱাৰ্ড) ৰ মনোহৰ গাঁৱৰ বাসিন্দাসকল । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা গাঁৱবাসী বঞ্চিত হৈ আহিছে । ৰাইজে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো গাঁৱৰ মূল পথটো আজি পৰ্যন্ত পকীকৰণ হোৱা নাই ।
ভোট বৰ্জনৰ হুংকাৰ বঢ়মপুৰবাসীৰ - কল্যাণকামী আঁচনি
চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভ বঢ়মপুৰৰ মনোহৰ গাঁৱবাসীৰ । বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাইজে । গাঁৱৰ পথ পকীকৰণ নোহোৱা বাবে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে ।
বাৰিষা একাঁঠু পানীৰ মাজেৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহা-যোৱা কৰিবলগীয়া হয় । পানী বেছি হ'লে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে । স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই এই সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে যদিও মনোহৰ গাঁৱত এতিয়ালৈকে উন্নয়নৰ পোহৰ পৰা নাই ।
গাঁৱখনৰ অধিকাংশ লোকে দিন-হাজিৰা কৰি জীৱিকা অৰ্জন কৰি কৰিছে, যদিও চৰকাৰে কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই । উপায়হীন হৈ ৰাইজে বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যিজন নেতাই নিৰ্বাচনৰ পূৰ্বে মনোহৰ গাঁৱৰ পথটো পকীকৰণ কৰি দিব সেই নেতাজনকে গাঁৱবাসীয়ে ভোট প্ৰদান কৰিব বুলি জানিবলৈ দিছে ৰাইজে ৷
লগতে পঢ়ক: নিৰ্বাচনী বিধি উলংঘা: যোৰহাটত নগদ ধন জব্দ