কলিয়াবৰ,17 জুন: অনিয়মীয়া বিদ্যুৎ যোগানে দীৰ্ঘদিনৰ পৰা জ্বলা-কলা খুৱাই আহিছে কলিয়াবৰবাসীক ৷ বাৰিষা তথা গ্ৰীষ্ম ঋতু অহাৰ লগে লগে বিদ্যুতৰ লুকা-ভাকুৱে অতিষ্ঠ কৰি তুলিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ৰাইজক ৷ ইফালে, দেশৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অনলাইন যোগে ছাত্ৰী-ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰিবলগীয়া হোৱাত অনিয়মীয়া এই বিদ্যুৎ যোগান তথা নিম্ন ভ'ল্টেজত বাৰুকৈয়ে অশান্তি ভোগ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ অঞ্চলটোৰ স্থানীয় যুৱক-যুৱতী তথা কলিয়াবৰৰ জনসাধাৰণে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত বাৰাম্বৰ অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷
অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ কলিয়াবৰবাসী - কলিয়াবৰ
অনিয়মীয়া বিদ্যুৎ যোগান তথা নিম্নমানৰ ভ'ল্টেজে জ্বলা-কলা খুৱাই আহিছে কলিয়াবৰবাসীক ৷ দীৰ্ঘদিনৰ পৰা কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত বাৰাম্বৰ অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হোৱাত বৃহস্পতিবাৰে কলিয়াবৰ ছাত্ৰ সন্থাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কলিয়াবৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ কলিয়াবৰবাসী
বিদ্যুৎ বিভাগৰ পৰা কোনো সঁহাৰি লাভ নকৰাত বৃহস্পতিবাৰে কলিয়াবৰ ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কলিয়াবৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়া লগতে কলিয়াবৰ মহকুমাধিপতিৰ হাতত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষই এক স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে উচিত পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে ৷
লগতে পঢ়ক:কিমিনত একেদিনাই ১১ টা পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে