অসম

assam

By

Published : Mar 23, 2020, 7:35 PM IST

Updated : Mar 23, 2020, 7:57 PM IST

ETV Bharat / state

মাস্ক আৰু চেনিটাইজাৰ বিচাৰি কলিয়াবৰত নিৰাশ গ্ৰাহক

মাস্ক আৰু চেনিটাইজাৰ বিচাৰি কলিয়াবৰ নিৰাশ গ্ৰাহক ৷ যাৰ বাবে এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ উদ্যোগত অধ্যাপক প্ৰাণজিৎ কুমাৰ ভুঞাৰ আৰু প্ৰতাপ মেধিৰ নেতৃত্বৰ এটা দলে প্ৰস্তুত কৰি উলিয়াইছে চেনিটাইজাৰ ৷

কলিয়াবৰত নিৰাশ গ্ৰাহক
কলিয়াবৰত নিৰাশ গ্ৰাহক

কলিয়াবৰ, 22 মাৰ্চঃদেওবাৰৰ জনতা কৰ্ফিউৰ সময়ত এচাম লোকৰ অসচেতনতাই সমগ্ৰ দেশতে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টিৰ পিচত আজি তাৰ এক বিপৰীত ৰূপ ভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে এনে অসচেতন লোকৰ পৰা সংক্ৰমণৰ ভয়াবহতা ৰোধৰ বাবে কাইলৈৰ পৰা কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহত 5 দিনীয়া লক ডাউন জাৰি কৰিছে ৷ কিন্তু অসম চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পূৰ্বেই কলিয়াবৰত অসম চেম্বাৰ অৱ কমাৰ্চে দিয়া বন্ধ পালনৰ সময়ছোৱাত দুই এখন দোকান খোলা আছিল যদিও, লকডাউনৰ বাৰ্তা ৰাষ্ট্ৰ হোৱাৰ লগে লগে দোকান-পোহাৰবোৰ বন্ধ হৈ পৰে ৷

মাস্ক আৰু চেনিটাইজাৰ বিচাৰি কলিয়াবৰত নিৰাশ গ্ৰাহক

আনহাতে কলিয়াবৰ ফাৰ্মাচীবোৰত মাস্ক আৰু চেনিটাইজাৰ বিচাৰি গ্ৰাহকসকল নিৰাশ হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এই অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত অধ্যাপক প্ৰাণজিৎ কুমাৰ ভুঞাৰ আৰু প্ৰতাপ মেধিৰ নেতৃত্বত তিনিগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে বিদিপ নাথ, মানস প্ৰতিম ডেকা আৰু জ্ঞানশ্ৰী বৰুৱাৰ এটি পাঁচজনীয়া দলে চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷

লগতে পঢ়কঃএতিয়াও সজাগ হোৱা নাই জনতা !

Last Updated : Mar 23, 2020, 7:57 PM IST

ABOUT THE AUTHOR

...view details