অসম

assam

ETV Bharat / state

বিধায়ক জিতু গোস্বামীৰ আদৰণীয় পদক্ষেপ - barhampur Covid

মহা মৃত্যুঞ্জয় মন্দিৰৰ সমীপৰ ভেৰভেৰি অঞ্চলত প্ৰায় ১৯ গৰাকীকৈ লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ পিছতে কৰ'ণা আক্ৰান্ত পৰিয়ালৰ কাষত উপস্থিত বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী ।

BAHRAMPUR MLA
বিধায়ক জিতু গোস্বামীৰ আদৰণীয় পদক্ষেপ

By

Published : May 19, 2021, 5:18 PM IST

চামগুৰি, ১৯ মে':ক'ভিড পৰিস্থিতিৰ মাজত সমষ্টিবাসীৰ ওচৰত বিধায়ক জিতু গোস্বামী । বঢ়মপুৰৰ বিধায়কগৰাকীয়ে গ্ৰহণ কৰিছে কেইবাটাও আদৰণীয় পদক্ষেপ ।

সম্প্ৰতি সমষ্টিটোৰ ভেৰভেৰি অঞ্চলটোত কৰ'ণাত আক্ৰান্ত হোৱা পৰিয়ালবোৰৰ ওচৰলৈ গৈ স্বাস্থ্যৰ বুজ লৈছে বিধায়কগৰাকীয়ে । লগতে পৰিয়ালবোৰক খাদ্য সামগ্ৰীও যোগান ধৰিছে আৰু ৰোগীৰ যাতায়তৰ বাবে এখন বাহনৰো সুবিধা কৰি দিছে বিধায়ক জিতু গোস্বামীয়ে ।

বিধায়ক জিতু গোস্বামীৰ আদৰণীয় পদক্ষেপ

উল্লেখ্য যে, মহা মৃত্যুঞ্জয় মন্দিৰৰ সমীপৰ ভেৰভেৰি অঞ্চলত প্ৰায় ১৯ গৰাকীকৈ লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ পিছতে বিধায়কগৰাকীয়ে পুৱাই ভেৰভেৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকসহ স্বাস্থ্যকৰ্মী সকলৰ পৰা ক‘ভিড পৰিস্থিতিৰ বুজ লয় ৷ তাৰ পিছতে আক্ৰান্ত পৰিয়ালৰ কাষ চাপে বিধায়কগৰাকীয়ে ।

বৰ্তমানলৈকে নগাঁও জিলাত মুঠ 3895 টা ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ ভিতৰত সক্ৰিয় হৈ আছে 1385 গৰাকী ৰোগী ৷ লগতে জিলাখনত 4 গৰাকীকৈ লোকে এই মহামাৰীৰ কবলত পৰি মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷

লগতে পঢ়ক:ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই

ABOUT THE AUTHOR

...view details