অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত বিহাৰৰ সাংসদ

ধিং আৰু বটদ্ৰৱাত আয়োজন কৰা প্ৰচাৰ ৰেলীত প্ৰশাসনে বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে জনতা দল অসম প্ৰদেশৰ মহিলা মৰ্চাৰ সভানেত্ৰী মুনমুন দেউৰীয়ে ।

JDU MP Election campaign at Nagaon
জনতা দল ইউৰ প্ৰচাৰ চলাবলৈ নগাঁৱত বিহাৰৰ সাংসদ এম এল চি

By

Published : Mar 23, 2021, 6:09 PM IST

নগাঁও,23 মাৰ্চ:জনতা দল (ইউ)ৰ ধিং বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্বাহনৱাজ বেগম আৰু বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী অনুপম বৰুৱাৰ হৈ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত হয় বিহাৰৰ সাংসদ আৰ পি মণ্ডল আৰু এম এল চি গোলাম ৰুছুল বেলৱীৰ লগতে দলটোৰ অসম প্ৰদেশৰ মহিলা মৰ্চাৰ সভানেত্ৰী মুনমুন দেউৰী ।

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নগাঁৱত উপস্থিত বিহাৰৰ সাংসদ

বিহাৰৰ পৰা অহা জনতা দলৰ প্ৰতিনিধি দলটোৱে ধিং আৰু বটদ্ৰৱাত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ ৰেলীত প্ৰশাসনে বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে মুনমুন দেউৰীয়ে । বিহাৰত কৰ’ণা আৰু বানৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দুৰ্যোগ নিয়ন্ত্ৰণ কৰি এক আদৰ্শ প্ৰতিষ্ঠা কৰা বুলি দাবী কৰে দেউৰীয়ে ৷ নীতিশ কুমাৰৰ হাত শক্তিশালী কৰিবলৈ জনতা দল (ইউ)ৰ অসমৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ ৰাষ্ট্ৰীয় নেতা দুগৰাকীয়ে সকলোকে আহ্বান জনায় । লগতে সংবাদ মাধ্যমৰ সন্মুখত নিৰ্বাচন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে নেতা দুগৰাকীয়ে ।

লগতে পঢ়ক:বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

ABOUT THE AUTHOR

...view details