বঢ়মপুৰ, 26 জুলাই :সময়মতে প্ৰাপ্য ধন নাপায় ক্ষোভিত জেচিবিৰ গৰাকী ৷কাম কৰা ধন নাপায় জেচিবি লৈ পথ খান্দিবলৈ আহিল এজন শ্ৰমিক ৷ প্ৰাপ্য ধন নাপায় পঞ্চায়তে নিৰ্মাণ কৰা পথ খান্দিবলৈ জেচিবি লৈ আহিল জেচিবিৰ মালিকৰ ৷ চৰকাৰী আঁচনিৰ ধন হৰলুকী কৰি কাম সমাপ্ত হোৱাৰ পিচতো জেচিবি মালিকক ধন নিদিয়াত ঠিকাদাৰৰূপী প্ৰাক্তন সভাপতি পোনা বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জেচিবিৰ মালিক ৷
নগাঁও জিলাৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী পঞ্চায়তৰ 21-22 বৰ্ষত প্ৰায় 7 লাখ টকা ব্যয় সাপেক্ষে MGNREGA আঁচনিৰ জৰিয়তে এটি পথৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল প্ৰাক্তন সভাপতি পোনা বৰাই ৷ নিয়ম অনুসৰি পঞ্চায়তে কৰিব লগা চৰকাৰী আঁচনিৰ কামসমূহ চাংচকী পঞ্চায়তৰ সভানেত্ৰী দীপিকা বৰাই ঠিকাদাৰৰ হাতত অৰ্পণ কৰিছিল আৰু এই কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে প্ৰাপ্য ধন বছৰ উকলি যোৱাৰ পিচতো লাভ কৰা নাই জেচিবি মালিকে ৷