অসম

assam

ETV Bharat / state

বজাৰত বৰবিহৰ ৰূপত চিপছ, আই টি চিৰ চিপছত প্লাষ্টিক

বজাৰত চিপছৰ নামত বৰবিহ । প্লাষ্টিক খুৱাই শিশুৰ জীৱনলৈ ভয়ঙ্কৰ বিপদ ।

By

Published : Oct 20, 2019, 5:46 PM IST

বজাৰত চিপছৰ নামত বৰবিহ

বটদ্ৰৱা, 20 অক্টোবৰ:শিশুৰ প্ৰিয় চিপ্ছ । শিশুৱে খাই ভাল পোৱা সামগ্ৰী যোগান ধৰে পিতৃ মাতৃয়ে । কিন্তু বজাৰত উপলব্ধ এই চিপ্ছ সচাঁই খোৱাৰ উপযোগী নে? বজাৰত উপলব্ধ চিপ্ছৰ নামত কেনেদৰে নিতৌ আপোনাৰ শিশুটিয়ে খাইছে বৰবিহ । দৃশ্য দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব ।

বজাৰত চিপছৰ নামত বৰবিহ
আপোনাৰ যদি শিশু আছে তেন্তে শিশুটিয়ে খাই ভাল পোৱা চিপ্ছ হাত তুলি দিয়াৰ আগত এশবাৰ ভাবক । একাংশ বহিৰাগত ব্যৱসায়ীয়ে অধিক মুনাফা লুটাৰ বাবে চিপ্ছত প্লাষ্টিকৰ তৰল পদাৰ্থ মিহলাই মানুহক খোৱাইছে বৰবিহ । যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত সঘনাই বৃদ্ধি পায় আহিছে বিভিন্ন ধৰণৰ বেমাৰৰ লগতে কেঞ্চাৰ দৰে মাৰাত্মক ৰোগ ।
বজাৰত চিপছৰ নামত বৰবিহ


এইয়া নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াৰ দৃশ্য । বহিৰাগত কোম্পানী আই টি চিৰ বিংগ ‘টেৰে মেৰে’ পেকেটত পোৱা গৈছে প্লাষ্টিক । এজন লোকে দোকানৰ পৰা ক্ৰয় কৰা পেকেটত থকা চিপ্ছ জ্বলাই দিয়াত জ্বলি গৈছে চিপ্ছৰ টুকুৰা ৷

কিন্তু এই সমূহ বিষয়ত উদাসীন চৰকাৰৰ বিয়াগোম খাদ্য সুৰক্ষা বিভাগ ৷

বজাৰত চিপছৰ নামত বৰবিহ

ABOUT THE AUTHOR

...view details