নগাঁও, 13 নৱেম্বৰ: সুৰেশ বৰাই পদত্যাগ কৰাৰ পিচতে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে উপ-সভাপতি প্ৰশান্ত শইকীয়াক । নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ বাবে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ নুৰুল হুদা আৰু প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ ভাস্কৰ গোস্বামীৰ নাম চর্চা হৈ থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দায়িত্ব দিলে উপ সভাপতি প্ৰশান্ত শইকীয়াক ।
সোমবাৰে পুৱাই নিজ বাসভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ৰকিবুল হুছেইনে কৰা এটা মন্তব্যৰ পিছতেই ভাৰপ্ৰাপ্ত জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়েই প্ৰশান্ত শইকীয়াই কৰা আন এটা মন্তব্যই অৱতাৰণা কৰিছে এক প্ৰশ্নৰ । ৰকিবুল হুছেইন আৰু প্ৰশান্ত শইকীয়া দুয়োৰে মাজত আছে নেকি মতানৈক্য ?
সদ্য কংগ্ৰেছত্যাগী নেতা সুৰেশ বৰা সন্দৰ্ভত পুৱাই ৰকিবুল হুছেইনে কৈছিল যে সুৰেশ বৰাক সভাপতিৰ স্থান দিয়াতো পাপ আছিল । বৰাৰ অতীত খুঁচৰি ৰকিবুল হুছেইনে কয় যে তেওঁ এজন ছালফা আছিল ৷ তথাপিও তেওঁক কাষত স্থান দি কংগ্ৰেছৰ জিলা সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷ ২০১১ চনৰ পৰা একেৰাহে তিনিটাকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়াই নহয় নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা সুৰেশ বৰাক স্থান দিয়া হেনো পাপ আছিল কংগ্ৰেছৰ ।
লক্ষণীয় বিষয় যে, ইমান দিন কাষতে থকাৰ পিচত সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰাতহে অপাত্ৰক স্থান দিয়া বুলি উপলব্ধি কৰিছে ৰকিবুল হুছেইনে । কেৱল এয়াই নহয় কংগ্ৰেছ দলৰ টিকটেৰে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত হেনো সুৰেশ বৰাৰ ফটো সম্বলিত কেলেণ্ডাৰ নিবলৈ অস্বীকাৰ কৰিছিল বঢ়মপুৰৰ কংগ্ৰেছীয়ে । সুৰেশ বৰাৰ ফটো দেখিলেই বহুতে হেনো ভয় কৰিছিল তেওঁলোকে । চুকতে থাকি বুকত কামুৰি বিজেপি কোলাত গৈ বহা সুৰেশ বৰাক সমালোচনা কৰি এইদৰে মন্তব্য কৰা দেখা গ’ল ৰকিবুল হুছেইনক ৷