অসম

assam

ETV Bharat / state

Har ghar tiranga: মায়ং উন্নয়ণ খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান - Har Ghar Triranga

স্বাধীনতা দিৱসক লৈ ব্যাপক তৎপৰতা মৰিগাঁৱৰ মায়ঙত ৷ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৰ নেতৃত্বত ব্যাপক প্ৰস্তুতি অভিযান(75th Anniversary of Indian Independence) ৷

HAR GHAR TRIRANGA
মায়ং উন্নয়ণ খণ্ডত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান

By

Published : Aug 9, 2022, 2:08 PM IST

নগাওঁ,9 আগষ্ট:দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰৰ স্বাধীনতা দিৱসটিক 'আজাদী কা অমৃত মহোৎসৱ' হিচাবে পালন কৰিবলৈ দেশবাসীলৈ আহ্বান জনাইছে(75th Anniversary of Indian Independence) ৷ দেশৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি প্ৰতিটো পৰিয়ালক ১৩ আগষ্টৰ পৰা ১৫আগষ্টলৈকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে ব্যাপক তৎপৰতাৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

দুদিন পূৰ্বে মৰিগাঁও জিলাৰ কপিলী উন্নয়ণ খণ্ডৰ ৮খন গাওঁ পঞ্চায়তত 'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ সফলতাৰ বাবে এক বিশাল সমদল ওলোৱাৰ পাছত সোমবাৰে পুনৰ মায়ং উন্নয়ন খণ্ডৰ ১২খন গাওঁ পঞ্চায়তত আন এক বিশাল সমদল বাহিৰ কৰা হয় (Har ghar Triranga) । সংশ্লিষ্ট উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটসমূহে সবল ভূমিকা গ্ৰহণ কৰা এই 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে শুভাৰম্ভ কৰে ।

১৩ আগষ্ঠৰ পৰা ১৫ আগষ্ঠলৈ প্ৰতিটো পৰিয়ালৰ ঘৰতে যাতে জাতীয় পতাকা উত্তোলন কৰা হয় সেই বিষয়ে জনসাধাৰণক সজাগ কৰিবলৈ মহিলাসকলে দীঘলীয়া সমদল বাহিৰ কৰে । উল্লেখ্য যে, মৰিগাঁও জিলাৰ আটাইকেইখন ব্লকৰ আত্মসহায়ক গোটসমূহক লৈ কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৱে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়নৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Har Ghar Triranga: ৰঙিয়াত মহিলাই মুকলি কৰিলে বিশেষ ত্ৰিৰংগাৰ বজাৰ

ABOUT THE AUTHOR

...view details