ৰহা, 18 মে' : ধৰমতুল ৰেঞ্জত চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ । কাঠ কটা কৰত, কুঠাৰ আদি লৈ বন বিষয়া সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণ চোৰাং কাঠ বেপাৰীকেইটাৰ । দীৰ্ঘদিনে ধৰমতুল আৰু আমচৈ সংৰক্ষিত বনাঞ্চলত দৌৰাত্ম্য চলাই আহিছিল সুশীল পাটৰ, গোবিন্দ্ৰ পাটৰ, শুভম পাটৰ আৰু অমিত টিমুং নামৰ চোৰাং বেপাৰীকেইটাই ৷
ধৰমতুল ৰেঞ্জত চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ - dharamtul range
কাঠ কটা কৰত, কুঠাৰ আদি লৈ বন বিষয়া সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পণ চোৰাং কাঠ চাৰি দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীৰ ৷
ধৰমতুল ৰেঞ্জত চাৰি দুধৰ্ষ চোৰাং কাঠ বেপাৰীৰ আত্মসমৰ্পণ
উল্লেখ্য যে, এসময়ত মূল্যৱান শাল, চেগুণ, গমাৰি, তিতাচপা, কৰৈ আদি গছৰে ভৰপূৰ আমচৈ পাহাৰৰ মূল্যৱান গছ কাটি তহিলং কৰা কাঠ কটিয়া, ব্যৱসায়ী এতিয়া জালত পৰিছে বন বিভাগৰ । বিশেষকৈ ধৰমতুল ৰেঞ্জত বন বিষয়া হিচাপে সঞ্জীৱ বৰদলৈয়ে যোগদান কৰাৰ পাচৰে পৰা এজন এজনকৈ এইসকল অবৈধ ব্যৱসায়ী , কাঠকটিয়া বন বিভাগৰ হাতত ধৰা পৰি আত্মসমৰ্পণ কৰিছে ।