কলিয়াবৰ,7 জুন:দেওবাৰে কলিয়াবৰৰ ঘোঁৰাকাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংঘটিত হয় । চোৰাং কাঠ ভৰ্তি এখন বাহনৰ খুন্দাত কাজিৰঙাৰ বন বিভাগ(Kaziranga Forest Department)ৰ এখন বাহন ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত কোনোমতে প্ৰাণ ৰক্ষা পৰে চালকসহ তিনি বনকৰ্মীৰ ৷
জানিব পৰা মতে,AS 02 BC 6667 নম্বৰৰ বাহনখনে চোৰাং কাঠসহ নগাঁৱৰ দিশে আহি থকাৰ সময়তে AS 05 G 4633 নম্বৰৰ কাজিৰঙাৰ বন বিভাগ(Kaziranga Forest Department)ৰ জীপচী বাহনত খুন্দা মৰাত বাহনখন পথৰ দাঁতিত বাগৰি পৰে ৷ ততালিকে কাঠ ভৰ্তি বাহনখনত থকা চোৰাং কাঠ সৰবৰাহকাৰী কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।