বঢ়মপুৰ, 28 জুলাই :কামপুৰত চলিছে বালি আৰু অবৈধ কাঠৰ মিলৰ মালিকৰ দপদপনি ৷ কামপুৰৰ জুৰিপাৰত বালি মাফিয়াই চলাই আছে চোৰাং বালিৰ বেহা ৷ ইফালে, খহি যোৱা পথেৰে বালিৰ ট্ৰাক চলাচল কৰিবলৈ বাধা দিয়াৰ বাবেই মহিলাসহ দুজন লোকক মাৰপিট কৰে বালি মাফিয়াই ৷
জানিব পৰা মতে, জুৰিপাৰত বৰপানী নৈৰ দুয়োপাৰে মেচিন ব্যৱহাৰ কৰি অবৈধভাৱে বালি তুলি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ বালি মাফিয়াই ৷ দৈনিক শ শ ট্ৰাক চলাচলৰ ফলত জুৰিপাৰ-মাধৱপাৰা সংযোগী পথটো অনিষ্ট হোৱাৰ লগতে খহনীয়াৰ কৱলত পৰাত ৰাইজে বালি ট্ৰাক চলাচলৰ বন্ধ কৰি দিয়ে ৷ ইয়াৰ পাচতে মহিলাসহ দুজন লোকক মাৰ-ধৰ কৰে বালি মাফিয়াই ৷