অসম

assam

ETV Bharat / state

বটদ্ৰৱাৰ বলিকটীয়া সমবায় সমিতিত চাউল আত্মসাতৰ অভিযোগ - কৰ’ণা মহামাৰী

নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বলিকটীয়া সমবায় সমিতিত চাউল বিতৰণৰ নামত লুণ্ঠন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, সমবায় সমিতিৰ একাংশ দোকানীয়ে চৰকাৰে যোগান ধৰা চাউলতকে কিছু পৰিমাণে চাউল কমকৈ ৰাইজক প্ৰদান কৰা হৈছে ৷

illegal-embezzlement-in-ssl
বটদ্ৰৱাৰ বলিকটীয়া সমবায় সমিতিত চাউল আত্মসাতৰ অভিযোগ

By

Published : May 19, 2021, 10:22 PM IST

চামগুৰি, 19 মে’: ৰাজ্যত কৰ’ণা মহামাৰীৰ ফলত সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোক ৷ কৰ’ণাৰ ত্ৰাসৰ এই সময়ছোৱাত আৰ্থিক ভাৱে জুৰুলা হোৱা লোকক সহায়ৰ উদ্দেশ্যে অসম চৰকাৰে ৰেচন কাৰ্ড থকা লোকসকলক যোগান ধৰিছে জনপ্ৰতি ৫ কিলোগ্ৰামকৈ চাউল । ইয়াৰ উপৰি দুই মাহৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত জনপ্ৰতি ৫ কেজিকৈ চাউল যোগান ধৰিছে ।

বটদ্ৰৱাৰ বলিকটীয়া সমবায় সমিতিত চাউল আত্মসাতৰ অভিযোগ

কিন্তু নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী বলিকটীয়া সমবায় সমিতিত চাউল বিতৰণৰ নামত লুণ্ঠন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, সমবায় সমিতিৰ একাংশ দোকানীয়ে চৰকাৰে যোগান ধৰা চাউলতকে কিছু পৰিমাণে চাউল কমকৈ ৰাইজক প্ৰদান কৰা হৈছে ৷

এতিয়া স্থানীয় ৰাইজে এই লুণ্ঠনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ঘটনাৰ উচিত তদন্ত কৰিবলৈ বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ৷

লগতে পঢ়ক: আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ

ABOUT THE AUTHOR

...view details