অসম

assam

ETV Bharat / state

খেতিৰ জৰিয়তে স্বাৱলম্বী প্ৰদীপ শইকীয়া

খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ প্ৰদীপ শইকীয়াই ৷ গো-পালন আৰু পাচলি খেতিৰ জৰিয়তে দেখুৱাইছে স্বচ্ছল জীৱন অতিবাহিত কৰাৰ পথ ৷

By

Published : Jan 10, 2021, 1:43 PM IST

Ideal farmer pradip saikia assam etv bharat news
খেতিৰ জৰিয়তে স্বাৱলম্বী প্ৰদীপ শইকীয়া

কলিয়াবৰ,10 জানুৱাৰী: কলিয়াবৰৰ এগৰাকী আদৰ্শ খেতিয়ক হিচাপে পৰিচিত হৈছে প্ৰদীপ শইকীয়া নামৰ ব্যক্তিগৰাকী ৷ মহকুমাটোৰ পূৱথৰীয়া মৌজাৰ বাসুদেৱবাৰী গাঁৱৰ বাসিন্দা প্ৰদীপ শইকীয়াই 1991 চনৰে পৰা গো-পালন আৰু ধান, মাহ, সৰিয়হ আৰু শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ৷

খেতিৰ জৰিয়তে স্বাৱলম্বী প্ৰদীপ শইকীয়া

আলু-জিকা খেতিৰ পৰা আৰম্ভ কৰি গো-পালনলৈকে এক সফল বৰ্ণিল যাত্ৰাৰে শইকীয়াই ইতিমধ্যে এগৰাকী আদৰ্শ খেতিয়কৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কষ্ট সহিঞ্চুতা, একাগ্ৰতাক সাৰথি কৰি বাট বুলিছে সফলতাৰ সোণালী পথেৰে ৷ কোনো ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ব্যক্তিগৰাকীয়ে জৈৱিক সাৰ প্ৰয়োগ কৰি সৰিয়হ, আলু, কবি, বিলাহী আদি পাচলিৰ খেতি কৰাৰ সমান্তৰালকৈ প্ৰতিপালন কৰিছে প্ৰায় 40 জনী বৰ্ণশংকৰ গাই ৷ এই গাইসমূহৰ জৰিয়তে লাভ কৰি আহিছে গড়ে দৈনিক 100-145 লিটাৰ গাখীৰ ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ নেতৃত্বত সীতাজখলাৰ পৰা অহা এটি দলে প্ৰদীপ শইকীয়াৰ গো-পালনৰ বিষয়ে বুজ লয় ৷ খেতিৰ জৰিয়তেই ব্যক্তিগৰাকীয়ে সম্প্ৰতি এক সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওকঃমহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details