নগাঁও, 18 নৱেম্বৰ:কলিয়াবৰৰ এটা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে নামত সভানেত্ৰীৰ আসন শুৱনি কৰাৰ অভিযোগ ৷ কলিয়াবৰৰ আমগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ স্বামীৰ বিৰুদ্ধে পত্নীৰ ঠাইত পঞ্চায়তৰ উঠি ৰজা বহি ৰজা হৈ নিজা ইচ্ছানুসৰি কাম কৰাৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ বিজেপি দলৰ টিকটত নিৰ্বাচিত চন্দ্ৰাৱতী গৌড় নামৰ পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে নিজেই নাজানে নিজ পঞ্চায়তত চলি থকা কামৰ হিচাপ ৷
অভিযোগ অনুসৰি কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁও পঞ্চায়তৰ প্ৰকৃত হৰ্তা কৰ্তা বিধাতা হ'ল নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী গৰাকীৰ স্বামী তথা জখলাবন্ধা গাঁও পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক জগত গৌড়। ৰাইজে অভিযোগ কৰি কয় যে সভানেত্ৰী গৰাকীৰ স্বামী জগত গৌড়ৰ ইচ্ছাতহে পঞ্চায়তৰ অধীনৰ বিভিন্ন আঁচনিৰ হিতাধীকাৰী নিৰ্বাচিত হয় ৷ পঞ্চায়তৰ সকলো কাম স্বামীয়ে নিয়ন্ত্ৰণ কৰাৰ ফলতেই সভানেত্ৰী গৰাকীৰ হাতত নাথাকে পঞ্চায়তৰ উন্নয়নমূলক কাম বা আঁচনি পৰিকল্পনাৰ কোনো হিচাপ ৷