অসম

assam

By

Published : Sep 2, 2020, 7:41 PM IST

ETV Bharat / state

আমৰণ অনশন ভংগ কৰিলে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে

শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্তি দিয়াৰ পুনৰ আশ্বাস চৰকাৰৰ। শীতল পানীয় পান কৰি ভংগ কৰিলে আমৰণ অনশন । স্থায়ী নিযুক্তিৰ প্ৰসংগ বিধানসভাত উত্থাপনৰ দাবী শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ ৰাজ্যিক সমিতিৰ ।

hunger strike breaked by Assam movment martyred family parishad
আমৰণ অনশন ভংগ কৰিলে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে

নগাঁও, 2 চেপ্টেম্বৰ: বছৰ বছৰ ধৰি কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতি পাই অহা অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্তিৰ দাবীত শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে মঙলবাৰে আৰম্ভ কৰা আমৰণ অনশন ভংগ কৰে । পুনৰ চৰকাৰৰ পৰা পোৱা আশ্বাস আৰু এশ উৰ্ধৰ এগৰাকী শ্বহীদৰ মাতৃৰ আহ্বানমৰ্মে মঙলবাৰে সন্ধিয়াই ভংগ কৰে আমৰণ অনশন । নগাঁৱতো গ্ৰহণ কৰা আমৰণ অনশন কাৰ্যসূচীত জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে কোভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি শীতল পানীয় পাণ কৰায় ভংগ কৰে আমৰণ অনশন কাৰ্যসূচী । অতি শীঘ্ৰেই শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যক স্থায়ী নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাণিক নাথে।

আমৰণ অনশন ভংগ কৰিলে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে
পূৰ্বে অসম বিধান সভাত এই সন্দৰ্ভত কেইবাবাৰো প্ৰশ্ন উত্থাপন হৈছিল যদিও সেয়া আজিও কাৰ্যকৰী নহ'ল । যাৰ বাবে চলি থকা অসম বিধানসভাৰ অধিবেশনত অন্তিম বাৰৰ বাবে বিষয়টো উত্থাপন কৰি দীৰ্ঘদিন ধৰি জনাই অহা দাবী পূৰণ কৰিবলৈও আহ্বান জনায় সংগঠনটোৱে।

লগতে পঢ়ক : ৰাজ্য চৰকাৰ দ্বাৰা অৱহেলিত অসম আন্দোলনৰ নিৰ্যাতিত ভবেন চন্দ্ৰ কলিতা

ABOUT THE AUTHOR

...view details