অসম

assam

ETV Bharat / state

বানত দিশহাৰা সুগৰী পহুৰ পথ দুৰ্ঘটনাত মৃত‍্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান বানৰ কবলত পৰাৰ ফলত জীৱকুলে ওখ ঠাইলৈ আশ্ৰয় বিচাৰি আহি মৃত‍্যুমুখত পৰিছে ৷ এনেদৰে মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ‍্য ১৫ লৈ বৃদ্ধি পাইছে । উল্লেখযোগ‍্য যে, ৰাষ্ট্ৰীয় উদ‍্যানখনত এতিয়ালৈকে বানৰ বাবে এটা গঁড়ৰ লগতে ১৪ টা সুগৰী পহুৰ মৃত‍্যু হৈছে ।

By

Published : Jun 30, 2020, 8:18 PM IST

Updated : Jun 30, 2020, 9:11 PM IST

Jakhalabandha
বানত দিশহাৰা সুগৰী পহুৰ পথ দুৰ্ঘটনাত মৃত‍্যু

কলিয়াবৰ, 30 জুন : কলিয়াবৰৰ জখলাবন্ধাৰ ৰাজপথত গাড়ীৰ খুন্দাত মৃত্যু হয় এটা সুগৰী পহুৰ । কাজিৰঙাৰ পৰা বানত দিশহাৰা হৈ ওলাই আহিছিল পহুটো। জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি প্ৰায় ৪:৩০ বজাত যোৰহাট অভিমুখী এ এচ ১১ পি ৪২৩৪ নম্বৰৰ বলেৰ' গাড়ীৰ খুন্দাত নিহত হয় পহুটো । স্থানীয় ব‍্যৱসায়ীসকলে ঘটনাস্থলীত আঘাটপ্ৰাপ্ত পহুটোৰ সূশ্ৰূষা কৰে যদিও দুৰ্ভগীয়া পহুটো মৃত‍্যুমুখত পৰে ।

লগতে পঢ়কঃ "Work from home" ৰ দ্বাৰা নিলাম কৰা হ'ব ৰাজ্যৰ চাহপাত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান বানৰ কবলত পৰাৰ ফলত জীৱকুলে ওখ ঠাইলৈ আশ্ৰয় বিচাৰি আহি মৃত‍্যুমুখত পৰিছে ৷ এনেদৰে মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ‍্য ১৫ লৈ বৃদ্ধি পাইছে । উল্লেখযোগ‍্য যে, ৰাষ্ট্ৰীয় উদ‍্যানখনত এতিয়ালৈকে বানৰ বাবে এটা গঁড়ৰ লগতে ১৪ টা সুগৰী পহুৰ মৃত‍্যু হৈছে । মৃত পহুটো বন বিভাগে স্থানীয় আৰক্ষী প্ৰশাসনৰ সহায়ত ৰাজপথৰ পৰা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনো জব্দ কৰে ।

Last Updated : Jun 30, 2020, 9:11 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details