নগাঁও, ১২ ফেব্ৰুৱাৰীঃ এথলেটিক্সৰ ট্ৰেকত বিশ্ব জয় কৰা স্বৰ্ণ কণ্যা হিমা দাস এইবাৰ পৰীক্ষাৰ্থীৰ ৰূপত। অলিম্পিকৰ প্ৰশিক্ষণৰ পৰা আহি ধিং মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে হিমা দাস। পৰীক্ষাৰগৃহৰ পৰা ওলাইয়ে বন্ধু বান্ধৱীক লগ পাই উৎফুল্লিত হৈ পৰে হিমা।
পৰীক্ষাৰ্থীৰ ৰূপত হিমা দাস - স্বৰ্ণ কণ্যা হিমা দাস
ধিং মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে হিমা দাস
পৰীক্ষাৰ্থীৰ ৰূপত হিমা দাস
স্কুলৰ ইউনিফৰ্ম পিন্ধি পিঠিত বেগ লৈ ধিং মহাবিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰৰ পৰা ওলায়েই পোনে পোনে হিমা পালেগৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কোঠা। হিমাক কাষত পাই উৎফুল্লিত হৈ পৰিল শিক্ষক শিক্ষয়িত্রীসকলো । পৰীক্ষাৰ খবৰ লোৱাৰ লগতে সকলোৱে উঠিলে ছেল্ফি । সকলোৰে আশা, হিমাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ উজলাব অঞ্চলটোৰ নাম। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰৰ ট্ৰেকত কৰা ঈৰ্শনীয় প্ৰদৰ্শনৰ দৰে শৈক্ষিক ট্ৰেকতো হিমা জিলিকি উঠাটো কামনা কৰিছে সকলোৱে।