নগাঁও,30 অক্টোবৰঃ বন বিভাগৰ এটা নিবিদাক কেন্দ্ৰ কৰি শুক্ৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ বন সংমণ্ডল কাৰ্যালয়। উল্লেখযোগ্য যে,অবৈধভাৱে চলা বিভিন্ন স্থানৰ কাঠফলা মিল জব্দ কৰি নষ্ট কৰাৰ পিছত পুৰণা সামগ্ৰীৰ বাবে নিবিদা আহ্বান কৰিছিল নগাঁও বন বিভাগে।
নগাঁৱত বন বিভাগৰ নিবিদাক লৈ উত্তপ্ত পৰিস্থিতি - স্থানীয় ঠিকাদাৰক অগ্ৰাধিকা
নগাঁৱত বন বিভাগৰ নিবিদাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। আৰক্ষীক অপদস্থ কৰাৰ অভিযোগ। স্থানীয় ঠিকাদাৰক অগ্ৰাধিকাৰ প্ৰদানৰ দাবী একাংশৰ ।
নগাঁৱত বন বিভাগৰ নিবিদাক লৈ উত্তপ্ত পৰিস্থিতি
শুকুবাৰে নিবিদা জমা দিয়াৰ দিনা একাংশ ঠিকাদাৰৰ মাজত সৃষ্টি হয় তৰ্ক- বিতৰ্কৰ । স্থানীয় একাংশ ঠিকাদাৰে স্থানীয় লোকক অগ্ৰাধিকাৰ দিয়াৰ দাবী জনোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এনে পৰিস্থিতিৰ। আনকি একাংশই কৰ্তব্যৰত এগৰাকী আৰক্ষীক অপদস্থ কৰাৰো অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়কঃ নলবাৰীৰ এখন গাঁৱত আৰ্চেনিক যুক্ত পানী খাই প্ৰাণ গৈছে বহু জনৰ