অসম

assam

ETV Bharat / state

গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে শুকুৰবাৰৰ পৰা কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানত পালন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ ৷ মহোৎসৱৰ দুয়োদিনৰ কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷

health-minister-keshab-mahanta-at-kaliabor
গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

By

Published : Oct 17, 2021, 2:12 PM IST

কলিয়াবৰ, 17 অক্টোবৰ : কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু পশ্চিম কলিয়াবৰ সত্ৰ মহাসভাৰ সহযোগত শ্ৰীশ্ৰীবালিসত্ৰ বামন গোঁসাই থানত দুদিনীয়াকৈ অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্ৱিভাৱ মহোৎসৱ শনিবাৰে সামৰণি পৰে ৷ ৰাম বিজয় ভাওনা প্ৰদৰ্শনেৰে সামৰণি পৰিল গুৰুজনাৰ ৫৭৩ সংখ্যক আৰ্ৱিভাৱ মহোৎসৱ ।

গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

শ্ৰীমন্ত শংকৰদেৱৰ আৰ্ৱিভাৱ মহোৎসৱত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ মহোৎসৱত মন্ত্ৰীত্বৰ কৰ্ম-ব্যস্ততাৰ মাজতে গুৰুজনাৰ সৃষ্টিৰাজিক উজ্জীৱিত কৰি ৰখাত ব্যস্ত হৈ পৰিল মন্ত্ৰী কেশৱ মহন্ত । অধুনাপৌঢ় কালৰ পৰা আৰম্ভ কৰি শতায়ু গৰকিবলৈ ৰাওনা হোৱা কলিয়াবৰৰ বাচকবনীয়া বয়োজ্যেষ্ঠ শিল্পীসকলে মহোৎসৱৰ শেষৰ দিনা গুৰুজনাৰ 'ৰাম বিজয়' অংকীয়া নাট প্ৰদৰ্শন কৰে ৷

গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

প্ৰায় ৮০ উৰ্ধৰ জ্যেষ্ঠ শিল্পীয়েও শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানত আয়োজিত ৰাম বিজয় ভাওনাত ভাও লৈ উঠি অহা প্ৰজন্মক দি গ’ল গুৰুজনাৰ মহান সৃষ্টিৰাজিৰ আদৰ্শ । উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত অন্তিমভাগ অংকীয়া নাট 'ৰাম বিজয়' প্ৰদৰ্শনেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হয় শ্ৰীশ্ৰীবালিসত্ৰ বামন গোঁসাই থান ।

গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

লগতে পঢ়ক :পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details