অসম

assam

ETV Bharat / state

হাবি-জংঘলত পচিছে স্বাস্থ্য বিভাগৰ কোটিটকীয়া সম্পত্তি - চৰকাৰী আবাসগৃহ

হাবি-জংঘলৰ মাজতে মামাৰে ধৰিছে চৰকাৰৰ কোটিটকীয়া সম্পত্তি ৷ যি সময়ত কৰ’ণা মহামাৰী সৃষ্ট পৰিৱেশত এখন এম্বুলেঞ্চ বিচাৰি আৰ্তজনে হাহাকাৰ কৰিছে সেইসময়তে, জংঘলৰ মাজত পচিছে চৰকাৰী এম্বুলেঞ্চ ৷ ঘন জংঘলে আৱৰি ধৰিছে চৰকাৰৰ অভিলাসী ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ মূল্যৱান বাহন সমূহত ৷

health-departments-ambulances-getting-damaged-without-maintenance
হাবি জংঘলত মামাৰে ধৰিছে স্বাস্থ্য বিভাগৰ কোটিটকীয়া সম্পত্তিত

By

Published : Jun 25, 2021, 10:34 PM IST

নগাঁও, 25 জুন : যি সময়ত সমগ্ৰ দেশ তথা অসমত কৰ'ণা মহামাৰীৰ তাণ্ডৱত এখন এম্বুলেঞ্চ অথবা এখন চৰকাৰী বাহনৰ বাবে বহু দৰিদ্ৰ ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । এখন এম্বুলেঞ্চ অথবা চৰকাৰী এখন বাহনৰ বাবে গ্ৰাম্য অঞ্চলৰ বহু দৰিদ্ৰ ৰোগীয়ে হাহাকাৰ কৰাৰ সময়তে ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাৰ এক লাজ লগা ছবি ৷ নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাসগৃহটো বিশেষভাৱে সাঙোৰ খাই পৰিছে এই ঘটনাৰ সৈতে ।

ব্ৰিটিছৰ দিনৰ এই চৰকাৰী আবাসগৃহটো সম্প্ৰতি হৈ পৰিছে অতি জৰাজীৰ্ণ । চৰকাৰী আবাসগৃহ আছে ঠিকেই কিন্তু আবাসগৃহটোত নাথাকে যুটীয়া স্বাস্থ্য সঞ্চালক । উপযুক্ত ব্যৱহাৰ আৰু মেৰামতিৰ অভাৱত এতিয়া জহি খহি গৈছে ব্ৰিটিছৰ দিনৰ এই চৰকাৰী আবাসগৃহটো ।

হাবি জংঘলত মামাৰে ধৰিছে স্বাস্থ্য বিভাগৰ কোটিটকীয়া সম্পত্তিত

যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাসগৃহটো(government quarter)ত বিষয়া নাথাকিলেও বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে ১৫-২০ খন বাহন ।

যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী বাহনৰ লগতে আছে কেইবাখনো এম্বুলেঞ্চ । হাবি জংঘলে আৱৰিছে এইসমূহ বাহন । প্ৰায় বিশ বছৰ ধৰি হাবি জংঘলে আৱৰা পৰিত্যক্ত এম্বুলেঞ্চ, বাহন এতিয়া এফালৰ পৰা পচিব ধৰিছে । ইয়াকেলৈ এতিয়া সচেতন মহলত আলোচিত হৈছে যে, নতুন নতুন এম্বুলেঞ্চ তথা চৰকাৰী বাহন কিনি ৰাজকোষৰ ধন খৰছ কৰাৰ পৰিৱৰ্তে চৰকাৰে এই সমূহ বাহন মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়োজনীয়তা আছে ৷

লগতে পঢ়ক :কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

ABOUT THE AUTHOR

...view details