নগাঁও, 27 আগষ্ট :কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে নগাঁৱত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ । পূৰ্বৰ তুলনাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ কিছু হ্ৰাস পোৱা বুলি নগাঁও জিলা স্বাস্থ্য বিভাগে দাবী কৰিছে ৷ নগাঁৱত সংবাদমেল আয়োজন কৰি এই তথ্য সদৰি কৰিলে স্বাস্থ্য বিভাগে ।
তথ্য অনুসৰি, চলিত বৰ্ষত অবিভক্ত নগাঁও জিলা অৰ্থাৎ নগাঁও আৰু হোজাইত এই পর্যন্ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে 22 গৰাকীকৈ লোক । ইয়াৰে দুজনকৈ লোকে ইতিমধ্যেই জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে । সুকুমাৰ দাস নামৰ এজন লোকে বিগত 7 আগষ্টত মৃত্যু হোৱাৰ বিপৰীতে 18 আগষ্টত মৃত্যুবৰণ কৰে গোপাল চন্দ্ৰ আৰ্য নামৰ আন এজন লোকে ।