অসম

assam

ETV Bharat / state

তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং - পকী দলং খন

বিগত সময়চোৱাত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু বিভাগীয় ফাইলৰ মেৰপাকত দলং খনৰ দুইটা মূৰ সংলগ্ন হোৱা নাছিল নগাঁও পুলিচ ৰিজাৰ্ভ আৰু ভুঞাপট্টিৰ পথৰ লগত ৷

hanging bridge open at nagaon
তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং

By

Published : Oct 21, 2020, 5:27 PM IST

নগাঁও,21অক্টোবৰঃ পূজাৰ বতৰত নগাঁও চহৰ বাসীৰ বাবে এটা ভাল খৱৰ ৷ বিগত তিনি দশক ধৰি ওলমি থকা এখন অতি গুৰুত্বপূৰ্ণ পকী দলঙৰ শুভাৰম্ভনী হ’ব শাৰদীয় দূৰ্গোৎসৱৰ সপ্তমীৰ দিনা ৷ ১৯৮৯ চনতে নগাঁও চহৰৰ ভুঞাপট্টিত কলঙৰ ওপৰত থকা পকী দলং খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৷ কিন্তু বিগত সময়চোৱাত ৰাজ্য চৰকাৰৰ সদিচ্ছা অভাৱ আৰু বিভাগীয় ফাইলৰ মেৰপাকত দলং খনৰ দুইটা মূৰ সংলগ্ন হোৱা নাছিল নগাঁও পুলিচ ৰিজাৰ্ভ আৰু ভুঞাপট্টিৰ পথৰ লগত ৷

তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং

যাৰবাবে যোৱা তিনিটা দশক ধৰি যাতায়তৰ বাবে মুকলি নোহোৱা নগাঁৱৰ এই পকী দলংখন সকলোয়ে অভিহিত কৰিছিল ওলমা দলং বুলি ৷ শেহতীয়াকৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত ওলমা পকী দলং খনৰ দুয়ো পাৰ নিৰ্মাণ কৰি ন-ৰূপত সাজি উলিয়াইছে কলঙৰ ওপৰৰ দলংখন ৷

নগঞা ৰাইজৰ বহু আকাংখিত এই পকী দলংখন যাতায়তৰ বাবে অহা ২৩ অক্টোবৰত আনুষ্ঠানিক ভাবে মুকলি কৰিব বিত্ত, স্বাস্থ্য, গড়কাপ্তানি আদি দপ্তৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ যাকলৈ এতিয়া উৎফুল্লিত হৈ পৰিছে নগাঁও পুলিচ ৰিজাৰ্ভ, মিলনপুৰ, ফৌজদাৰীপট্টি আৰু ভুঞাপট্টি অঞ্চলৰ স্থানীয় ৰাইজৰ লগতে নগাঁও চহৰবাসী ৷

লগতে পঢ়কঃ ৰঙিয়াৰ ব্ৰীগফিল্ড কলনীত দুৰ্গা পূজাৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details