নগাঁও, 15 ছেপ্তেম্বৰঃ নগাঁৱত ৰহস্যজনকভাৱে মৃত্যু গুৱাহাটীৰ এগৰাকী মহিলাৰ ৷ দেওবাৰে গুৱাহাটীৰ পৰা নগাঁৱলৈ লিটন সাহা নামৰ এজন যুৱকক সাক্ষাৎ কৰিবলৈ আহিছিল অমৃতা কৰ্মকাৰ নামৰ মহিলাগৰাকী ৷ নগাঁও চহৰৰ এটা ল'জত আছিল লিটন আৰু অমৃতা। আৰু এই ল’জতেই মৃত্যুক সাৱতি লয় অমৃতাই ৷ সম্প্ৰতি নগাঁও আৰক্ষীয়ে আটক কৰিছে লিটন সাহা নামৰ যুৱকজনক ৷
উল্লেখ্য যে,চাৰিবছৰীয়া এটি সন্তানৰ মাতৃ অমৃতা কৰ্মকাৰ বহুদিনৰ পৰাই আছিল পিতৃ গৃহত। বিবাহৰ বহু আগৰে পৰা লিটনৰে চিনাকি অমৃতাৰ ৷ দেওবাৰে লিটনক সাক্ষাৎ কৰিবলৈ আহি হঠাৎ অসুস্থ হৈ পৰে অমৃতা ৷ ততাতৈয়াকৈ অমৃতাক নগাৱঁৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে অমৃতাক ৷ অমৃতাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও উদঘাটন হোৱা নাই যদিও অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই তেখেতৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ অমৃতাৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি পূৰ্বৰে পৰা ড্ৰাগছ আসক্ত আছিল অমৃতা ৷