নগাঁও,2 জুলাই: নগাঁও জিলা গোর্খা ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে নগাঁও জিলা গোর্খা ছাত্ৰ সন্থাই৷ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সপ্তম স্থান লাভ কৰা প্ৰিয়াংসী গোস্বামী আৰু নৱম স্থান লাভ কৰা নম্ৰতা বৰুৱাৰ বাসগৃহত সন্থাৰ কৰ্ম-কৰ্তাসকলে উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে৷ ইয়াৰ লগতে কলা শাখাৰ ৰাণু দেৱী আৰু বিজ্ঞান শাখাৰ মণিষ উপাধ্যায়কো অভিনন্দন জনোৱা হয়৷
তদুপৰি,আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰী মণিকা দেৱীৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিব বুলি জনাই সংগঠনটোৱে। অতি দুখীয়া পৰিয়ালৰ এইগৰাকী ছাত্ৰীয়ে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে উচ্চতৰ মাধ্যমিক পৰ্যায়ত নামভৰ্তি কৰিব পৰা নাছিল ছাত্ৰীগৰাকীয়ে। ইতিমধ্যে ছাত্ৰীগৰাকীক কলিয়াবৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কে. জি. ইনষ্টিটিউট অফ একাডেমীত নামভৰ্তি কৰি দিয়াত সহায় কৰিছে নগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে । লগতে ছাত্ৰীগৰাকীৰ পঢ়াৰ সম্পূৰ্ণ দায়িত্ব বহন কৰে সংগঠনটোৱে।