চামগুৰি, 25 জুলাই : বক্সিং ৰিঙত নামিবলৈ সাজু হৈছে অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাই ৷ যাৰ বাবে অসম জীয়ৰী লাভলীনাক বিভিন্ন জনে বিভিন্ন পদ্ধতিৰে জনাইছে শুভেচ্ছা ৷ কোনোবাই যদি দেৱালত বক্সাৰ লাভলীনাৰ ছবি অংকন কৰি দিছে শুভেচ্ছা, আন কোনোবাই আকৌ নিজৰ শৰীৰতে বক্সাৰ গৰাকীৰ ছবি অংকন কৰি জনাইছে শুভেচ্ছা ৷
নগাঁও জিলাৰ পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ এজন যুৱ চিত্ৰ শিল্পীৰ এক অনন্য প্ৰয়াস । অসমৰ পৰা পোন প্ৰথম বাৰৰ বাবে মহিলা খেলুৱৈ হিচাবে টকিঅ’ অলিম্পিকলৈ যোৱা অসম কন্যা লাভলীনা বৰগোঁহাইক যুৱ চিত্ৰ শিল্পীগৰাকীয়ে ব্যতিক্ৰমীভাৱে নিজৰ শিল্পকৰ্মৰ জৰিয়তে প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা ৷ যুৱ চিত্ৰ শিল্পী ভাস্কৰ্য্য পূৰ্ণ গায়নে হাতৰ তলুৱাত দেশৰ জাতীয় পতাকাৰ সৈতে লাভলীনা বৰগোঁহাইৰ ছবি অংকন কৰি প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তা ৷
নগাঁও জিলাৰ পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱৰ যুৱ চিত্ৰ শিল্পী ভাস্কৰ্য্য পূৰ্ণ গায়নে কেৱল লাভলীনাৰ ছবি অংকন কৰাই নহয়, তেওঁ ইতিমধ্য হাতৰ তলুৱাত অংকন কৰিছে ৰাধা-কৃষ্ণ, ড৹ ৰুবুল মাউতৰ ‘‘মোৰো এটা সপোন আছে’’, পৰাগ কুমাৰ দাসৰ ‘‘ছাংলট ফেনলা’’, কবি হীৰেণ ভট্টাচাৰ্যৰ ‘‘সুগন্ধি পখিলা’’ ইত্যাদি পুথি তথা ছবি ৷ যুৱ চিত্ৰ শিল্পী ভাস্কৰ্য্য পূৰ্ণ গায়নৰ এই প্ৰচেষ্টাক এতিয়া শলাগিছে বিভিন্ন জনে ৷ জানিব পৰা মতে, কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ একমাত্ৰ নিজা প্ৰচেষ্টাত ভাস্কৰ্য্য পূৰ্ণ গায়নে পেলনীয়া সামগ্ৰীত সজীৱ কৰি ৰাখিছে নিজৰ শিল্পকৰ্ম ।