অসম

assam

By

Published : Oct 21, 2020, 10:29 PM IST

ETV Bharat / state

নগাঁৱত ছাগলী চোৰৰ অভিনৱ পন্থা

নগাঁৱত টেম্প' লৈ পথাৰত এৰাল দিয়া ছাগলী চোৰ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিল তিনিটাকৈ চোৰ । ৰাইজে উত্তম-মধ্যম শোধাই গতাই দিলে আৰক্ষীক ।

goat thief arrested at nagaon
নগাঁৱত ছাগলী চোৰৰ অভিনৱ পন্থা অৱলম্বন

নগাঁও,21অক্টোবৰঃ নগাঁৱত টেম্প' লৈ ছাগলী চোৰ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰিল তিনিটাকৈ চোৰ। পথাৰত এৰাল দিয়া ছাগলী চোৰ কৰি টেম্প'ত ভৰাই পলায়নৰ চেষ্টা কৰোঁতেই স্থানীয় ৰাইজে টেম্প'সহ কৰায়ত্ত কৰে তিনিটাকৈ চোৰক। চোৰ কেইটাক ৰাইজে উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীৰ হাতত ।

নগাঁৱত ছাগলী চোৰৰ অভিনৱ পন্থা অৱলম্বন

এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কৰৈয়নীৰ চৰলাপাৰত । ধৃত চোৰ কেইটা হৈছে শ'লমাৰিৰ ছাইফুল ইছলাম, বেলতলিৰ আচিক কামাল আৰু গৰৈমাৰীৰ আশ্ৰফ আলি ।

নগাঁৱত ছাগলী চোৰৰ অভিনৱ পন্থা অৱলম্বন

এই তিনি চোৰে কৰৈয়নীৰ চৰলাপাৰৰ লোকেশ্বৰ বৰাৰ পথাৰত এৰাল দিয়া দুটাকৈ ছাগলী টেম্প'ত উঠাই চোৰ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল । উল্লেখযোগ্য যে, চোৰ কেইটাই লৈ অহা টেম্প'খনৰ নম্বৰ হৈছে AS-02-BC-7920 ৷

নগাঁৱত ছাগলী চোৰৰ অভিনৱ পন্থা অৱলম্বন

লগতে পঢ়কঃ মৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ

ABOUT THE AUTHOR

...view details